Kejriwal was Arrested by the CBI on Charges of liquor policy Scam:আদালততে পুনৰ গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে কেজৰিয়ালক, ৰাউচ এভিনিউ আদালতত ইডিয়ে হাজিৰ কৰাৰ সময়তে আদালতৰ অনুমতিক্ৰমে গ্ৰেপ্তাৰ হ'ল কেজৰিয়ালক

kejrial 1

Kejriwal was Arrested by the CBI on Charges of liquor policy Scam:

বিপদে লগ নেৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল কেজৰিৱাল। উল্লেখ্য যে, বহুচৰ্চিত সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত তিহাৰ জে’লত কাৰাৰুদ্ধ হৈ থকা আপৰ মুৰব্বী গৰাকীক বুধবাৰে ইডিয়ে দিল্লীৰ ৰাউচ এভিনিউ আদালতত হাজিৰ কৰাৰ সময়তে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে আদালতৰ মজিয়াত গ্ৰেপ্তাৰ কৰে

উল্লেখ্য যে,কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থাটোৱে আদালতক জনায় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আচৰণ বিধি চলি থকা বাবে কেজৰিয়ালক দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত সোধপোছ কৰিব পৰা নাছিল । অৱশ্যে মঙলবাৰে কেজৰিয়ালক চিবিআইৰ এটা দলে তিহাৰ জে’লৰ ভিতৰত জেৰা কৰি তেওঁৰ ভাষ্য গ্ৰহণ কৰিছিল ।

আনহাতে, দিল্লীৰ ৰাউচ এভিনিউ আদালতে কেজৰিয়ালক মঞ্জুৰ কৰা জামিনক প্ৰত্যাহ্বান জনাই ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৷ আদালতে জামিন স্থগিত ৰাখে ৷ ইয়াৰ পাছত কেজৰিয়ালে উচ্চ ন্যায়ালয়ৰ স্থগিতকৰণৰ বিৰুদ্ধে আবেদন জনাইছিল সৰ্বোচ্চ ন্যায়ালয়ত ৷ কিন্ত শেহতীয়াকৈ কেজৰিয়ালে আবেদন খন প্ৰত্যাহাৰ কৰিছে ৷ ইতিমধ্যে দুজনীয়া বিচাৰপীঠে কেজৰিয়ালৰ আবেদন প্ৰত্যাহাৰৰ অনুমতি দিয়ে ৷

Exit mobile version