Abraham Lincoln wax statue melts in Washington DC Heat:আমেৰিকাত প্ৰচণ্ড গৰমত গলিল লিংকনৰ ম’মৰ মূৰ্তি

linkaqn

Abraham Lincoln wax statue melts in Washington DC Heat:

আমেৰিকাত সম্প্ৰতি অত্যধিক গৰমে স্বাভাৱিক জনজীৱন প্ৰভাৱিত কৰিছে। দেশখনত একাংশ অঞ্চলত তাপমাত্রা ৪৫ ডিগ্রী চেলচিয়াছলৈকে বৃদ্ধি পাইছে। একাধিক ৰাজ্যত তাপপ্ৰৱাহৰ সতৰ্কতাও জাৰি কৰা হৈছে।

এনে পৰিস্থিতিতে ৱাশ্বিংটনত এক অঘটন সংঘটিত হ’ল। দৰাচলতে ৱাশ্বিংটনৰ এখন বিদ্যালয়ৰ সমীপত থকা আমেৰিকাৰ ১৬ সংখ্যক ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ এটা ছয় ফুট উচ্চতাৰ ম’মৰ মূৰ্তি আছিল।

কিন্তু প্রচণ্ড গৰমৰ ফলত লিংকনৰ এই ম’মৰ মূৰ্তি গলি নষ্ট হ’ল। উত্তৰ পশ্চিম ৱাশ্বিংটনত সম্প্রতি তাপমাত্রা ৩৭.৭ ডিগ্রী চেলচিয়াছলৈ বৃদ্ধি পাইছে। অত্যধিক তাপৰ ফলতে লিংকনৰ ম’মৰ মূৰ্তি গলিল।

সামাজিক মাধ্যমত লিংকনৰ মূৰ্তি গৰমত গলাৰ ভিডিঅ’ সম্প্রতি ভাইৰেল হৈছে। অত্যধিক উত্তাপত মূৰ্তিটোৰ মূৰ আৰু সোঁভৰিৰ অংশ গলি যোৱাত লিংকনৰ এই মূৰ্তি ঢলি পৰে। ভার্জিনিয়াৰ শিল্পী ছেণ্ডি উইলিয়ামছে যোৱা ফেব্ৰুৱাৰীত গেৰিচন এলিমেন্ট্রি স্কুলৰ চৌহদত লিংকনৰ এই ম’মৰ মূৰ্তি স্থাপন কৰিছিল।

Exit mobile version