Cabinet meeting in Nalbari:নলবাৰীত কেবিনেট বৈঠক

বৈঠকত খাদ্য সম্ভাৰৰ বৃহৎ তালিকা

cabinet 99

Cabinet meeting in Nalbari:

বৃহস্পতিবাৰে দুপৰীয়া ১২বজাৰ পৰা নলবাৰী জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত ইতিমধ্যে অংশ লৈছে মন্ত্ৰীসভাৰ সদস্য সকল ৷ এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ লগতে নলবাৰী কেন্দ্ৰীক বহু কেইটা আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

নলবাৰীত হোৱা কেবিনেট বৈঠকত খাদ্য সম্ভাৰৰ তালিকা ইতিমধ্যে আমাৰ হাতত পৰিছে ৷ খাদ্য সম্ভাৰত আছে প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও,ছাগলীৰ মাংস, কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা,মিছা মাছ ভাজি,আদা দিয়া সৰু মাছ,টেঙাৰে আৰি, ভকুৱা,বৰালি মাছ ,খাহীৰ তেলৰে মাহৰ দাইল,মিক্সড ডাইল,তৰকাৰী, কলফুল ভাজি,চিকেন চুপ বইল,ঢেঁকীয়া ভাজি, কল পছলা,সৰু আলু ভাজি, বৰা ভাজি,আলু পিটিকা,পদিনা চাটনি,তিল চাটনি, অমিতা খাৰ, চালাদ, মিঠা- দৈ,গোলাপ জামুন ৷

মনকৰিবলগীয়া , মুখ্যমন্ত্ৰীয়ে নানা তৰহৰ ব্যঞ্জনপূৰ্ণ আহাৰ গ্ৰহণ নকৰি কৰিব নিৰামিষ খাদ্য ৷ আনহাতে মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰিব দৈ আৰু ৰুটি ৷

উল্লেখ্য যে, অসম মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে নলবাৰীলৈ যাত্ৰাৰ পথত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা কামৰূপ জিলাৰ চাংসাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰী আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ পৰিদৰ্শন কৰে।

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে এই দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মীয়মাণ আন্তঃগাঁথনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ প্ৰদান কৰে ৷ স্মতৰ্ৱ্য যে,অহাবৰ্ষৰ জানুৱাৰী মাহত সম্পূৰ্ণ হ’ব বিদ্যালয় দুখনৰ নিৰ্মাণৰ কাম।

Exit mobile version