Assam State Public Service Rights Commission:অসম ৰাজ্যিক লোক সেৱা অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় গৃহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

loksewa bhawan

Assam State Public Service Rights Commission:

মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই শুক্ৰবাৰে জনতা ভৱনৰ লোক সেৱা ভৱনত অসম ৰাজ্যিক লোক সেৱা অধিকাৰ আয়োগৰ বিভিন্ন দিশ সম্পর্কীয় বিষয়ত আলোচনাৰ হেতু এক বৈঠকত মিলিত হয়।

মুখ্যমন্ত্রীয়ে আয়োগৰ স্থায়ী কাৰ্যালয়ৰ স্থান, আনুমানিক বাৰ্ষিক বাজেটৰ প্ৰয়োজনীয়তা, মানৱ শক্তিৰ অভাৱ, লজিষ্টিক আদি বিষয় সন্দর্ভত আলোচনাৰ লগতে উল্লেখিত তথা অন্যান্য সমস্যাবোৰ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান হোৱাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা প্রদান কৰে। একেদৰে বিষয়াসকলক চলিতবৰ্ষৰ ২ অক্টোবৰৰ ভিতৰত আয়োগক সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। বৈঠকত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহাল,মুখ্য সচিব ৰবি কোটা সহ জ্যেষ্ঠ আমোলা- বিষয়া উপস্থিত থাকে ।

Exit mobile version