Maharashtra budget announces Rs 1,500 per month for women:মহাৰাষ্ট্ৰৰ বাজেটত ঘোষণা মহিলাক দিব মাহে ১৫০০ টকা

পাঁচ সদস্যৰ পৰিয়ালক তিনিটা চিলিণ্ডাৰ বিনামূল্যে

maharasta

Maharashtra budget announces Rs 1,500 per month for women:

মহাৰাষ্ট্ৰৰ বিধানসভাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰে ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্রীৰ প্রিয় ভগ্নী আঁচনিৰ অধীনত মহিলাসকলক প্রতিমাহে ১৫০০ টকা প্রদান কৰিব। এই আঁচনি জুলাই ২০২৪ৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি উপ-মুখ্যমন্ত্রীজনে ঘোষণা কৰিলে।

পাৱাৰে মহাৰাষ্ট্ৰৰ ২০২৪-২৫ বিত্তীয় বর্ষৰ বাজেট ঘোষণা কৰি ২১ৰ পৰা ৬০ বছৰ বয়সৰ মহিলাক মাহে এই বিত্তীয় সাহায্য প্রদানৰ কথা সদৰী কৰিলে। এই যোজনাৰ বাবে ৰাজ্য চৰকাৰখনে ৪৬,০০০ কোটি টকাৰ বার্ষিক বাজেট আৱণ্টন দিব। পাৱাৰে লগতে ঘোষণা কৰি কয় যে মুখ্যমন্ত্রী অন্নপূর্ণা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতি বছৰে তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিনামূল্যে লাভ কৰিব।

Exit mobile version