New guidelines to Kanthilangso Falls in Karbi Anglong:কাৰ্বি আংলঙৰ মনোমোহা কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাৰ নতুন পথ নির্দেশনা

falls 1

New guidelines to Kanthilangso Falls in Karbi Anglong:

কার্বি আংলঙৰ ডেনগাঁও বজাৰৰ হাজা ৰংপি গাঁও হৈ পাণজুৰিলৈ যোৱা পথৰ জাংমি ‘বে’ গাঁৱৰ কাঠৰ দলং জৰাজীৰ্ণ হৈ পৰাত সাময়িভাবে বন্ধ ৰখা হৈছে সেই পথ। তাৰ পৰিৱৰ্তে বিকল্প পথ হিচাপে ডেনগাঁও বজাৰৰ পৰা বিথিলাংছ’-পাণজুৰি হৈ অ’ন ‘বে’ গাঁও হৈ পর্যটকসকলে কাংথিলাংছ’লৈ যাব পাৰিব। কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে।

বিশ্ব বেংকৰ আর্থিক অনুদানেৰে আছাম ৰিচিলেন্ট ৰুৰেল ব্ৰীডজ প্ৰগ্ৰেম প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব নতুন আৰ চি চি দলং। ইতিমধ্যে ইয়াৰ নিবিদা প্রক্রিয়া সম্পন্ন হৈছে। লোকনির্মাণ বিভাগৰ ডকমকা পথ সংমণ্ডল কাৰ্যালয়ৰ বিষয়া গোলাপ ক্র’ই ভিন্ন প্ৰান্তৰ পৰা অহা পর্যটকসকলক আহ্বান জনায় যাতে লোকনির্মাণ বিভাগে নির্দেশনা জাৰি কৰা নতুন পথত কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাত বিকল্প পথ হিচাপে ব্যৱহাৰ কৰে। নতুন পকী দলং নির্মাণ কার্য সম্পন্ন নোহোৱা পর্যন্ত এই পথত সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব।

উল্লেখ্য যে কাৰ্বি আংলঙৰ সুউচ্চ সেউজীয়া পাহাৰৰ পৰা নামি অহা ৰূপোৱালী জলধাৰা মনোমোহা কাংথিলাংছ’ৰ সৌন্দর্য উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আন আন স্থানৰ পৰ্যটকসকলেও ভিৰ কৰা পৰিলক্ষিত হৈ আহিছে। জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত চৰকাৰে আৰ চিচি দলং নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰাত স্থানীয় লোকৰ লগতে উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল।

Exit mobile version