8 Foot Crocodile meanders through traffic in rainy Maharashtra’s Ratnagiri Town:মহাৰাষ্ট্ৰত প্ৰবল বৃষ্টিপাতত ৰাজপথ পালেহি ঘঁৰিয়াল !

COCODILE

8 Foot crocodile meanders through traffic in rainy Maharashtra’s Ratnagiri Town:

মহাৰাষ্ট্ৰত ৰত্নাগিৰিত বিগত কিছুদিন ধৰি প্ৰবল বৃষ্টিপাত অব্যাহত আছে। বৰষুণ ইমানে অধিক হৈছে যে এই অঞ্চলত আশে-পাশে থকা অৰণ্যৰ পৰা এটা বিশাল আকাৰৰ ঘূৰিয়াল ওলাই আহি ৰাজপথত উপস্থিত হ’ল। সামাজিক মাধ্যমত ৰাজপথত ঘৰিয়ালে মুক্ত বিচৰণ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে।

বাৰিষাৰ দিনত অতি বৃষ্টিৰ ফলত অৰণ্যত থকা বহু জীৱ- জন্তুৱে উপায়হীন হৈ এইদৰে মানৱৰ বসতি অঞ্চলত হাজিৰ হৈ আহিছে। নাহৰফুটুকী, হাতী, গঁড় আদিয়ে সময়ে সময়ে ? এইদৰে জনাঞ্চলত প্ৰৱেশ কৰে। এইবাৰ মহাৰাষ্ট্ৰত ধাৰাসাৰ বৃষ্টিৰ পাছত কৃত্রিম বানত ৰাজপথ পালেহি এটা ঘৰিয়াল

মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ চিপলুনত বিগত কিছুদিন ধৰি প্ৰবল বৃষ্টিপাত অব্যাহত আছে। চিপলুনতে এটা প্ৰকাণ্ডৰ আকাৰৰ ঘৰিয়ালে জংঘলৰ দিশৰ পৰা আহি ৰাজপথত ইফালে- সিফালে ঘূৰি ফুৰিছিল। ৰাজপথত ঘৰিয়ালক প্ৰত্যক্ষ কৰি একাংশ লোকে ভিডিঅ’ প্রস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিলে।

অৱশ্যে পাছত বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হৈ ঘৰিয়ালটোক উদ্ধাৰ কৰি নিকটৱৰ্তী অৰণ্যৰ জলাশয়লৈ লৈ যায়।

Exit mobile version