ADVERTISEMENT
Kaliabar Flood:
পুনৰ ভাগিল নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰা মথাউৰি।
নগাঁও সহ মধ্য অসমত ভয়াৱহ বানপানীৰ আশংকাত ত্ৰস্তমান ৰাইজ ৷
হাতীমূৰা মথাউৰিৰ গাইড বান্ধ ভাঙি হোৰাহোৰে বৈছে কলঙলৈ পানী ৷
মথাউৰি ছিগি বুৰিল বৃহত্তৰ অঞ্চল ৷
হোৰাহোৰে বৈছে কলঙলৈ পানী ৷
বৃদ্ধি কলং সুঁতিৰ জলপৃষ্ঠ ৷
মূল বান্ধ অভিমুখে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ পানী ৷
কলিয়াবৰত হাহাকাৰময় পৰিস্থিতি ৷
২০১৭ তকৈও ভয়াৱহ বানৰ আশংকা ৷
ইতিমধ্যে নিজৰ ঘৰ- দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জখলাবন্ধাৰ লোকসকল।
পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টম এন ডি আৰএফ আৰু এছ ডি আৰ এফ ৷