Hit and run incidents: Wife of a Senior journalist was Arrested by Panbazar police:মহানগৰীৰ দীঘলীপুখুৰী হিট এণ্ড ৰাণৰ ঘটনা

জ্যেষ্ঠ সাংবাদিকৰ শিক্ষয়িত্ৰী পত্নীক গ্ৰেপ্তাৰ পানবজাৰ আৰক্ষীৰ, গ্ৰেপ্তাৰ কটন কলেজিয়েটৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন, শিক্ষয়িত্ৰী গৰাকীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি নামৰ প্ৰতিভাৱান খেলৱৈ জন, পানবজাৰৰ আৰক্ষীৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ প্ৰিয়ংকা ফুকনক

PANBAZAR

Hit and Run Incidents: Wife of a Senior Journalist was Arrested by Panbazar Police:

মহানগৰীৰত পুনৰ সংঘটিত আন এক ‘হিট এণ্ড ৰাণ‘ৰ ঘটনা। জ্যেষ্ঠ সাংবাদিকৰ শিক্ষয়িত্ৰী পত্নীক গ্ৰেপ্তাৰ পানবজাৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কটন কলেজিয়েটৰ শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন ৷ শিক্ষয়িত্ৰী গৰাকীৰ গাড়ীৰ খুন্দাত মৃত্যু হৈছিল সৰুপেটাৰ ভাৰ্গৱজ্যোতি নামৰ প্ৰতিভাৱান খেলৱৈ জন ৷

পানবজাৰৰ আৰক্ষীয়ে শিক্ষয়িত্ৰী গৰাকীক থানাত হাজিৰ হ’বলৈ তলৱ কৰিছিল ৷ সেই অনুসৰি আজি দিনৰ ভাগত শিক্ষয়িত্ৰী প্ৰিয়ংকা তামুলী ফুকন থানাত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে প্ৰিয়ংকা ফুকনক ৷

উল্লেখ্য যে,যোৱা ২৯ জুনৰ পুৱা সংঘটিত এই ঘটনা আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পাছতে কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষত্ৰিয়ী গৰাকীৰ বিৰুদ্ধে গোচৰ কৰিছিল পাণবজাৰ আৰক্ষীয়ে। মনকৰিবলগীয়া যে শিক্ষয়িত্রী প্রিয়ংকা তামূলী ফুকনৰ বাহনৰ মৃত্যু হৈছিল বজালীৰ সৰুপেটাৰ গোমূৰা গাঁৱৰ ভাৰ্গৱজ্যোতি (৩০)ৰ। ২৯ জুনৰ পুৱা মহানগৰীৰ সন্দিকৈ মহাবিদ্যালয়ৰ সমীপত সংঘটিত এক পথ দুর্ঘটনাত থিতাতে হেৰুৱাইছিল যুৱকজনে। নিহত যুৱকজন সুদক্ষ কাৰাটে আৰু এটা ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আছিল।

ৰাজপথত পৰি থকা অৱস্থাত স্থানীয় যুৱকজনক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছিল। আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাৰ ফলতে যুৱকজনৰ হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল যদিও দুর্ঘটনাটো কোনে সংঘটিত হ’ল সেয়া নিশ্চিত কৰিব পৰা নাছিল। কোনোৱে যুৱকজনে ডিভাইডাৰত খুন্দা ফলতে এই দুর্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছিল যদিও বাহনে এখনে মহতিয়াই নিয়াৰ ফলত দুর্ঘটনাটো সংঘটিত হোৱা তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ আহে।

পাণবজাৰৰ যান-বাহন আৰক্ষীয়ে সদৰী কৰা অনুসৰি, দুর্ঘটনা সংঘটিত হোৱাৰ দিনা ঘটনস্থলীৰ পৰা এখন ক’লা ৰঙৰ বাহন সম্মুখৰ এটা ভঙা অংশ উদ্ধাৰ কৰিছিল। আৰক্ষী নিশ্চিত হৈছিল যে যুৱকজনৰ স্কুটীখনত কলা ৰঙৰ এখন বাহনে প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে দুর্ঘটনাটো সংঘটিত হৈছিল আৰু দুর্ঘটনা সংঘটিত কৰি বাহনখনে পলায়ন কৰিছিল। শেষত আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা এএছ-০১ বি ৱাই-০০৪৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বাহনখনৰ গৰাকী গুৱাহাটীৰ এজন জ্যেষ্ঠ সাংবাদিকৰ পত্নী হোৱাৰ উপৰি কটন কলেজিয়েটৰ শিক্ষয়িত্রী প্রিয়ংকা তামুলী ফুকন বুলি আৰক্ষী নিশ্চিত হয়৷

পাণবজাৰ আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ১৫৫/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি অৱশেষত আজি গ্ৰেপ্তাৰ কৰে কটন কলেজিয়েটৰ শিক্ষয়িত্রী প্রিয়ংকা তামুলী ফুকনক ৷ উল্লেখ্য যে মৃত যুৱকজন অৱসৰপ্ৰাপ্ত বন বিভাগৰ কৰ্মচাৰী তথা সমাজকর্মী দশৰথ বৰ্মন আৰু বিজুলী বৰ্মনৰ পুত্ৰ আছিল। সাত মাহৰ পূৰ্বে তেওঁ বাংলীপাৰা গাঁৱৰ প্ৰিয়ংকা কলিতাৰ স’তে বিবাহপাশত আবদ্ধ হৈছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, পত্নীৰ লগতে এগৰাকীকৈ ভ্রাতৃ আৰু ভগ্নীক ইহসংসাৰত এৰি গৈছে।

Exit mobile version