Jorhat Municipality Board has not announced an investigation into the municipal tax embezzlement scam:যোৰহাটত ৫০ লক্ষাধিক পৌৰ কৰ আত্মসাৎ কৰা কৰ সংগ্ৰাহক মুকলি আকাশৰ তললৈ

পৌৰ কৰ আত্মসাৎ কেলেংকাৰীৰ তদন্ত ঘোষণা নকৰিলে পৌৰসভাই

jorhat

Jorhat Municipality Board has not announced an investigation into the municipal tax embezzlement scam:

অৱশেষত জামিন লাভ কৰিলে ৫০ লক্ষাধিক টকা আত্মসাৎ কৰি আত্মগোপন কৰি থকা যোৰহাট পৌৰসভাৰ কৰ সংগ্রাহক ৰঞ্জন ৰাজখোৱাই। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱতীকালীন জামিন লাভ কৰে। উল্লেখ্য যে যোৰহাট পৌৰসভাৰ ১৫ নম্বৰ ৱাৰ্ডৰ কে’বাটাও বৃহৎ ব্যৱসায়কি প্ৰতিষ্ঠানৰ পৰা কৰ সংগ্ৰহ কৰি পৌৰসভাক জমা দিয়াৰ পৰিৱর্তে আত্মসাৎ কৰি

আহিছিল। প্ৰায় দুমাহৰ পূৰ্বে ৰঞ্জনৰ বিৰুদ্ধে উঠা অভিযোগৰ পাছত পৌৰসভাৰ সভানেত্রী, উপ-পৌৰপতি অৰু কার্যবাহী বিবষয়াই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে। তেতিয়াৰে পৰা ৰাজখোৱা পলাতক অৱস্থাত আছিল।

ইপিনে, উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ পাছতে ৰাজখোৱাই যোৰহাট সদৰ থানাত হাজিৰ হয়। তাৰ পাছতে সদৰ থানাৰ এটা আৰক্ষীৰ দলে কৰ সংগ্ৰাহকজনক যোৰহাট পৌৰসভালৈ লৈ যায় আৰু বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে তেওঁৰ টেবুলত তলা বন্ধ অৱস্থাত থকা কৰ সংগ্রহৰ নথিপত্র জব্দ কৰে।

মন কৰিবলগীয়া যে বৃহৎ ব্যৱসায়িক প্রতিষ্ঠানকেইটাই ব্যৱসায়িক অনুজ্ঞাপত্র নবীকৰণ কৰিবলৈ অহাৰ ফলত পোহৰলৈ অহা এই কেলেংকাৰি ৫০ লক্ষাধিক বুলি অনুমান কৰা হৈছে যদিও এই পর্যন্ত অভিযুক্ত কৰ সংগ্ৰাহকজনে প্রকৃততে কিমান টকা আত্মসাৎ কৰিলে, এই পর্যন্ত জ্ঞাত নহয় পৌৰসভা কর্তৃপক্ষ।

পৌৰসভাৰ উপ-পৌৰপতিক এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ অজ্ঞতাহে প্রকাশ কৰে আৰু সমগ্ৰ বিষয়টো কৰ সংগ্ৰহৰ দায়িত্বত থকা টেক্স দাৰোগাহে জড়িত বুলি পতিয়ন নিয়াবলৈ চেষ্ট কৰা দেখা যায়; কিন্তু এই কথা নিশ্চিত যে উপ-পৌৰপতিৰ তত্ত্বাৱধানতে কৰ সংগ্ৰহ সমস্ত দায়িত্ব থাকে বুলি বিভাগীয় সূত্রই জনাইছে।

এনে অৱস্থাত উপ-পৌৰপতিজন এই সমস্ত অনিয়ম তথা কেলেংকাৰিটোৰ পৰা দায় সাৰিব নোৱাৰে বুলি পৌৰসভাৰে একাংশ নির্বাচিত প্রতিনিধিয়ে অভিযোগ কৰিছে। ইপিনে, বৃহৎ কেলেংকাৰি পৌৰসভাখনৰ প্ৰশাসনিক দুৰ্বলতা তথা চৰম অদূৰদৰ্শিতাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰিছে কৰদাতা ৰাইজে।

কিয়নো ৰাজখোৱা নামৰ কৰ সংগ্ৰাহকজনে বিগত চাৰি বছৰ ধৰি ১৫ নম্বৰ ৱাৰ্ডৰ সংগৃহীত কৰ যোৰহাট পৌৰসভাত জমা কৰা নাছিল। গুৰুত্বপূৰ্ণ কথা এইজন কৰ সংগ্ৰাহক পৌৰসভাই ৭০খনতকৈ অধিক কৰ সংগ্ৰহৰ ৰছিদ বহীৰ অনুমোদন দিছিল। কাৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে একে সময়তে ইমান বৃহৎসংখ্যক ৰছিদ বহী কৰ সংগ্ৰাহকজনৰ হাতত তুলি দিয়া হৈছিল এই বিষয়বোৰো তদন্তৰ আওতালৈ আনিবলৈ যোৰহাটৰ কৰদাতা ৰাইজে দাবী উত্থাপন কৰিছে।

মন কৰিবলগীয়া যে কৰ সংগ্ৰাহক এজনক একে সময়তে দুখন ৰছিদ বহী টোকাৰ স’তে হিচাপসহ পৌৰসভাত জমা দিয়াৰ পাছতহে পুনৰ ৰছিদ বহী অনুমোদন দিব পাৰে, এয়াই নিয়ম। তেনেস্থলত এজন কৰ সংগ্ৰাহকক একেলগে ইমানসংখ্যক ৰছিদ বহী কেনেকৈ দিয়া হ’ল ইয়াকে লৈ বিভিন্নজনৰ মাজৰ প্ৰশ্নৰ উত্তৰ হৈছে। এতিয়া প্রশ্ন উত্থাপন হৈছে যে পৌৰসভাৰ আনবোৰ ৱাৰ্ডতে এনেদৰে কৰ সংগ্ৰহৰ নামত কেলেংকাৰি সংঘটিত হৈছে নেকি? এই প্রশ্ন ৰাইজৰ মাজত উত্থাপিত হোৱাৰ পাছতো এই পর্যন্ত পৌৰসভাখনে আভ্যন্তৰীণ তদন্ত কৰিবলৈ সময় উলিয়াব পৰা নাই।

এটা মাত্র বার্ডত এজন কৰ সংগ্ৰাহকৰ ক্ষেত্ৰতে যদি মাত্র ছমাহত ৫০ লক্ষাধিক টকাৰ কেলেংকাৰি সংঘটিত হ’ব পাৰে, তেন্তে পৌৰসভাখনে আনবোৰ ৱাৰ্ডত তেনে দুর্নীতি সংঘটিত হোৱা নাই বুলি ভাবি লোৱাটো কি ধৰণৰ কথা বুলি প্রশ্ন উঠিছে। কৰ সংগ্ৰহৰ এই কেলেংকাৰিৰ উচ্চ পৰ্যায়ৰ অনুসন্ধান হ’লে ৰঞ্জন ৰাজখোৱাৰ দৰে পুঠি-খলিহনা কিয় বিয়াগোম ৰৌ-বৰালি পোহৰলৈ আহিব বুলি কৰদাতা ৰাইজে সন্দেহ প্রকাশ কৰিছে।

Exit mobile version