Artificial floods in Guwahati:কৃত্ৰিম বানৰ কবলত গুৱাহাটী !

কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আভিজাত্য, নিশা অহা এজাক বৰষুণত ডুবিল বিস্তীৰ্ণ অঞ্চল, প্লাৱিত মহানগৰীৰ বহু কেইটা পথ,উপ- পথ

cmoo1

Artificial floods in Guwahati:

নিশা অহা এজাক বৰষুণত ডুবিল গুৱাহাটী মহানগৰৰ  বিস্তীৰ্ণ অঞ্চল ৷ কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আভিজাত্য | ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি। প্লাৱিত মহানগৰীৰ সদাব্যস্ত জিএছ ৰোডৰ ৰুক্মিণীনজৰ ৰাজগড়,নবীন নগৰহাতীগাঁও,বেহাৰবাৰীৰ প্ৰাগজ্যোতি নগৰ মালিগাঁও,অনিল নগৰ,চান্দমাৰী জুৰোডত একঁকাল পৰ্যন্ত পানী ৷

স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনেই স্বাভাৱিক। বৰষুণ আহিলে মহানগৰীৰ অধিকাংশ পথ ডুব যায় কৃত্ৰিম বানপানীত। বৃহস্পতিবাৰে নিশা হোৱা বৰষুণৰ ফলত পুনৰ একপ্ৰকাৰৰ মহাসাগৰ সদৃশ হৈ পৰে ৰাজধানী চহৰখন।

শুকুৰবাৰৰ দুপৰীয়া পৰ্যন্ত কৃত্ৰিম বানত ডুব গৈ‌ থাকে মহানগৰীৰ মূল পৃথকে ধৰি বহু কেইটা পথ,উপ-পথ ৷ একেদৰে নিশাৰে পৰা যাতায়ত স্তব্ধ হৈ পৰে বহুকেইটা পথত। চানমাৰি, ৰাজগড়, নবীন নগৰ, অনিল নগৰ, ৰুক্মিণী গাঁও, হাতীগাঁও, সিজুবাৰীকে ধৰি বহু অঞ্চল এতিয়া পানীৰ তলত। পুৱা কাৰ্যালয়লৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে কৰ্মচাৰীৰ। একেদৰে বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰীও ।

উল্লেখ্য যে দেশৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰত গুৱাহাটী মহানগৰীক স্থান দিয়াৰ কথা পৰিকল্পনা কৰিছিল চৰকাৰে। স্মাৰ্ট চিটিৰূপে গঢ়ি তোলাৰ বাবে হাতত লৈছে বহু প্ৰকল্প।কিন্তু দীৰ্ঘদিন ধৰি গুৱাহাটীৰ জনতাই সন্মুখীন হৈ অহা কৃত্ৰিম বানপানীৰ আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে।

আনহাতে নলা – নৰ্দমা নিৰ্মাণৰ নামৰ সংশ্লিষ্ট বিভাগে বহু কেইটা অঞ্চলৰ নলা সমূহ ঢাকনি নিদিয়াকৈ উন্মুক্ত কৰি ৰখাত সেইয়া এতিয়া যেন হৈ পৰিছে মৰণফান্দ ৷ যোৱা নিশা এনে উন্মুক্ত নলাত পৰি নিৰুদ্দেশ হৈ আছে এটি আঠবছৰীয়া শিশু ৷ পিতৃৰ চকুৰ সন্মুখতে কৃত্ৰিম বানত উটি যায় অবিনাশ চৰকাৰ নামৰ শিশুটি ৷ এই শোকাৱহ ঘটনাটি সংঘটিত হয় জ্যোতি নগৰৰ গণেশ মন্দিৰৰ সমীপত ৷

Exit mobile version