Guwahati SJN Govt.Homeopathic  Medical College Incident:মহানগৰীত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী শ্বহীদ যাদৱ নাথ চৰকাৰী হোমিঅ'পেথিক চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ চৰমপন্থা, কলেজ হোষ্টেলৰ আবাসগৃহতে চৰমপন্থা বাছি লয় উপাধ্যক্ষ ডা:নাৰায়ণ দেৱনাথে

devnath 1

Guwahati SJN Govt.Homeopathic  Medical College Incident:

মহানগৰীত চাঞ্চল্যকৰ ঘটনা ৷ পাঞ্জাবাৰীস্থ শ্বহীদ যাদৱ নাথ চৰকাৰী হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ চৰমপন্থা ৷ কলেজ হোষ্টেলৰ আবাসগৃহতে চৰমপন্থা বাছি লয় উপাধ্যক্ষ ডা:নাৰায়ণ দেৱনাথে ৷

এই ঘটনাৰ সময়ত উপাধ্যক্ষ গৰাকীৰ পত্নী নাছিল আবাসগৃহত ৷ একেখন কলেজৰ অধ্যাপিকা পত্নী সোমবাৰে যোৰহাটৰ মাতৃগৃহলৈ গৈছিল ৷ ইতিমধ্যে স্বামীৰ এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উপস্থিত হয় গুৱাহাটীত ৷ উপাধ্যক্ষ দেৱনাথৰ ঘৰ হোজাই জিলাৰ ডবকাত ৷ উল্লেখ্য যে,উপাধ্যক্ষ গৰাকীৰ সহকৰ্মী সকলে জানিব দিয়া মতে,বিগত কিছুদিন ধৰি মানসিক অশান্তিত ভূগি আছিল ডা: দেৱনাথ ৷

আনহাতে ,শ্বহীদ যাদৱ নাথ চৰকাৰী হোমিঅ’পেথিক চিকিৎসা কলেজত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰিছে ৷ অমায়িক – সৰবৰহী উপাধ্যক্ষ গৰাকীৰ আত্মহননৰ ঘটনাই কলেজৰ অধ্যাপক- অধ্যাপিকা সহ ছাত্ৰ- ছাত্ৰীকে শোকাহত কৰি তুলিছে ৷

Exit mobile version