Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ। মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব। ঘৰুৱাত মধ্যম। সন্তানৰ চিন্তাৰ উন্নতি। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

বৃষ: আর্থিক উন্নতিৰ বাবে চেষ্ট কৰি চালে হয়তো আশান্বিত হ’ব। প্রাপ্য প্রমোচন আদিৰো কাৰক। ৰাহু-মঙলৰ বাবে অকাৰণত খং আৰু ফুৰাচকাত বিশেষভাৱে সাৱধান থকাটো ভাল। শুভ ৰং নীলা, শুভ সংখ্যা ২।

মিথুন: নতুন যোগাযোগ আদিত খুব বেছি চেষ্ট নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক। বিদ্যাত সিমান নিৰাশ নহয়। শৰীৰ সম্পৰ্কে কিছু চিন্তা। শুভ ৰং কমলা, শুভ সংখ্যা ৫।

কর্কট: মিশ্রিত ফল। যিমান ভবা যায় সিমান উপকৃত হ’ব নোৱাৰিব। দিনটোত যিখিনি কৰে দায়িত্বপূর্ণ ব্যক্তিৰূপে সাৱধান হওক। শৰীৰ মজলীয়া। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।

সিংহ: মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব। শৰীৰ খুব বেয়া নহ’ব। যিখিনি যত্ন কৰিব তাৰ ফলত খুব নিৰাশাও নহ’ব। ভ্ৰমণত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।

কন্যা: আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নীত বা উৎসাহ নাপাব। শৰীৰ প্ৰতি যত্ন লওক। ইটো সিটোৰ লগত ঘৰুৱা কথাটো অনুকূল নহ’ব। বন্ধুৰ পৰা উপকাৰ। শুভ ৰং বগা, শুভ সংখ্যা ১।

তুলা: কর্ম বিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ। বন্ধুবৰ্গৰ সহায় থাকিব। কোনো লোকৰ মিঠা কথাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখক। দাম্পত্যত চিন্তা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

বৃশ্চিক: অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব। বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব। শৰীৰ মধ্যম। দাম্পত্যত শুভ।

ধনু: গাৰ বলেৰে কাম সমাধান কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বৰ্জন কৰক। শৰীৰ খুব উন্নত নহ’ব। সৰু কথাতে বিতুষ্ট হৈ পৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

মকৰ: বিদ্যার্থীৰ আজি কিছু চিন্তা থাকিব। কিবা ক্লেশদায়ক কাৰণত গৃহ-কর্মীসকলে সমস্যাত পৰিব। পৰাপক্ষত ভ্রমণ স্থগিত ৰাখক। দাম্পত্যত মজলীয়া ফল। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪।

কুম্ভ: নিৰুৎসাহৰ দিন নহ’ব। যোগাযোগ, ঘৰুৱা-সন্মানীয় কর্মত অনুকূল। কিন্তু তাৰ মাজতে গোপন শত্ৰুৰ বাবে শংকিত হ’ব পাৰে। পঢ়াত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৮।

মীন: চিন্তা কৰি চলক দিনটোত। বেছি উৎসাহতে একো ভুল নকৰি সতর্ক থাকক। আগতে নভবা কথা লৈ কিবা প্ৰস্তুতিৰ দৰকাৰ। শৰীৰ মধ্যম। শুভ ৰং ক’লা, শুভ সংখ্যা ১।

Exit mobile version