24-year-old man killed in mass beating:ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা

গণ প্ৰহাৰত প্ৰাণ গ'ল ২৪ বছৰীয়া যুৱকৰ, ১০-১২জনীয়া দলে নিশা আক্ৰমণ কৰিছিল যুৱকজনক, গণ প্ৰহাৰৰ মাষ্টাৰ মাইণ্ডক আটক আৰক্ষীৰ

SONAR

24-year-old man killed in mass beating:

ডিব্ৰুগড়ৰ মাজমজিয়াত ভয়ংকৰ ঘটনা ৷ ১০-১২ জনীয়া উদণ্ড যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজন যুৱকক। এই নৃশংসকাণ্ড সংঘটিত হৈছে ডিব্ৰুগড়ৰ আলুবাৰীত। দলবদ্ধ আক্ৰমণৰ বলী হোৱা যুৱকজনৰ নাম টম্লু সোণাৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে নিশা ৯-৩০ মান বজাত টম্লু সোণাৰ নামৰ বিবাহিত যুৱকজনে নিজ গৃহলৈ আহি থকা পথত পূৰ্বৰে পৰা খাপ পিটি থকা দ্বীপজ্যোতি ৰাজবংশী আৰু দহ- বাৰজনীয়া দল এটাই আগুচি ধৰি কোনো কথাৰ অবতাৰণা নকৰাকৈ দলবদ্ধভাৱে প্ৰহাৰ কৰি মুমুষ অৱস্থাত এৰি পলায়ন কৰে ৷

পিছত পৰিয়ালৰ লোকে গম পাই ততাতৈয়াকৈ নিশাই টম্লু সোণাৰক ভৰ্তি কৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ কিন্ত বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ৷

উদ্থাপিত অভিযোগ অনুসৰি পুৰণি শত্ৰুতাৰ বাবেই যুৱকজনক হত্যা কৰা হ’ল। ইতিমধ্যে যুৱকজনৰ পত্নীয়ে ডিব্ৰুগড় থানাত দিয়া এজাহাৰত এই হত্যাকাণ্ডৰে দ্বীপজ্যোতি ৰাজবংশী আৰু দহ- বাৰজনীয়া যুৱকৰ দল জড়িত থকাৰ কথা উল্লেখ কৰিছে৷ আৰক্ষীয়ে আজি অভিযান চলাই আটক কৰে গণ প্ৰহাৰৰ মাষ্টাৰ মাইণ্ড দ্বীপজ্যোতি ৰাজবংশীক ৷ আন সকলৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ আনহাতে এই ঘটনাক লৈ ডিব্ৰুগড় আলুবাৰীত অব্যাহত আছে তীব্ৰ উত্তেজন ৷

Exit mobile version