Mahatma Gandhi Statue Removed by Dumduma Municipality:জাতিৰ পিতাক চূড়ান্ত অপমান !

ক্ৰেণ লগাই আঁতৰালে মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি, ডুমডুমা পৌৰসভাৰ এই হঠকাৰী কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

dumduma 1

Mahatma Gandhi Statue Removed by Dumduma Municipality:

চহৰৰ মাজমজিয়াত সুদীৰ্ঘ ৬৪ টা বছৰে চহৰৰ স্বাভিমানৰ প্ৰতীক আছিল এটি প্ৰতিমুৰ্তি ৷ সেই প্ৰতিমুৰ্তি আছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ৷ কিন্ত ক্লক টাৱাৰ নিৰ্মাণৰ নামত ক্ৰেণ লগাই আঁতৰালে মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিটি ৷ এই হঠকাৰী কাণ্ড সংঘটিত কৰিলে ডুমডুমা পৌৰসভাই ৷

চহৰৰ সৌন্দৰ্যবদ্ধনৰ নামত ডুমডুমা চাৰিআলিত ১৯৬০ চনতে স্থাপন কৰা জাতীৰ পিতাৰ প্ৰতিমুৰ্তিটি ক্ৰেণ লগাই আঁতৰালে ডুমডুমা পৌৰসভাই ৷ আনহাতে প্ৰতিমুৰ্তিটি থকা স্থানটি ঢাকি দিয়া হয় ৷ পৌৰসভা কৰ্তৃপক্ষই সদৰি কৰা মতে সেই স্থানত স্থাপন কৰিব এটা ক্লক টাৱাৰ ৷

ইতিমধ্যে ডুমডুমা পৌৰসভাৰ এই টোঘলকী কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সৰ্বত্ৰে ৷ চহৰৰ সচেতন মহলৰ মন্তব্য ,সেই স্থানতে সুদীৰ্ঘ ৬৪ টা বছৰে বাপুৰ প্ৰতিমুৰ্তিটি থাকিলে কি অসুবিধা আছিল ৷ ক্লক টাৱাৰটো অন্যস্থানটো স্থাপন কৰিব পাৰিলেহেঁতেন ৷ কিন্ত ক্ৰেণ লগাই জাতীৰ পিতাক আঁতৰাই নিয়া কাণ্ডই মহামানৱ গৰাকীক চূড়ান্ত অপমান কৰা হ’ল। ইয়াৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজক ডুমডুমা পৌৰসভাই ৷

Exit mobile version