Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ’ল বাকিংহাম পেলেচৰ বেলকনি

UK KING

Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ’ল বাকিংহাম পেলেচৰ বেলকনি

ইতিহাসত প্ৰথমবাৰলৈ ৰাজহুৱা দর্শনীৰ বাবে মুকলি হ’ল ব্ৰিটিছ ৰাজহাউলী বাকিংহাম পেলেচৰ বিখ্যাত বেলকনি কক্ষ। এই বেলকনি কক্ষৰ পৰা বিশেষ উপলক্ষত ব্ৰিটিছ ৰজা বা ৰাণী নতুবা ৰাজ পৰিয়ালৰ আন সদস্যই তলৰ পথত সমবেত সাধাৰণ লোকক হাত জোকাৰি শুভেচ্ছা জনায়।

এতিয়াৰে পৰা এই বেলকনি কক্ষ সাধাৰণ লোকৰ দৰ্শনীৰ বাবে মুকলি কৰা হৈছে। সেই অনুসৰি অহা ১৫ জুলাইৰ পৰা ৩১ আগষ্টলৈ ইচ্ছ্যুক লোকে এই বিখ্যাত কক্ষত প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকক বিশেষ কর্মীয়ে পথ দেখুৱাই লৈ যাব। কক্ষত তেওঁলোকে ৪৫ মিনিটৰ বাবে ঘূৰা- পকা কৰিব পাৰিব। এই কথা ৱেবছাইটযোগে প্রকাশ কৰিছে বাকিংহাম পেলেচৰ সংশ্লিষ্ট নিধিয়ে।

Exit mobile version