Bjp Municipality Boards:ৰাজ্যজুৰি ৭৭খন বিজেপি নেতৃত্বাধীন পৌৰসভাত অন্তর্দলীয় সংঘাত তীব্রতৰ

পৰিস্থিতি চম্ভালিবলৈ ফলাফলৰ পাছত যথেষ্ট সতর্কতা সভাপতি ভবেশ কলিতাৰ নতুন

bhabesh

Bjp Municipality Boards:

দলীয় আভান্তৰীণ বাদ- বিবাদ,অসন্তুষ্টি আদিয়ে অস্থিৰতাৰ সৃষ্টি হৈছে শাসকীয় বিজেপিত। নেতৃত্বৰ কাম- কাজত লৈ সৃষ্টি হোৱা ক্ষোভে ইতিমধ্যে আনুষ্ঠানিক ৰূপ লৈছে। তদুপৰি পোৱা-নোপোৱা, অবজ্ঞা আদিৰ অভিযোগক লৈও অসন্তুষ্টিা মাত্রা বাঢ়িছে। এইবোৰৰ মাজতে দলৰ ভিতৰচ’ৰাক আন এক সংঘাতৰ জুয়েও দহিছে। সেয়া হ’ল পৌৰ সভাবোৰত তীব্রতৰ হোৱা সংঘাত । ৰাজ্যত থকা ৮০ খন পৌৰসভাৰ ৭৭ খনেই বিজেপিৰ দখলত আছে ৷

বিগত ২০২২ৰ মাৰ্চত ঘোষিত ফলাফলত ৰাজ্যিক বিজেপিয়ে এই সফলতা লাভ কৰিছিল। সেই সফলতাতে এতিয়া কেণা এনেদৰে লাগিছে যে ৰাজ্যিক নেতৃত্বই অস্থিৰ হৈ পৰা পৰিবেশ সুস্থিৰ কৰিবলৈ বাৰম্বাৰ নিৰ্দেশনা জাৰি কৰিও সফল হ’ব পৰা নাই। ফলস্বৰূপে এতিয়া সভাপতি ভৱেশ কলিতাই বিকল্প কৌশল গ্রহণ কৰিবলগীয়া হৈছে। সেই অনুসৰি পৌৰসভাৰ নেতৃত্ব দিয়া সকলৰ বিৰুদ্ধে কিবা অসন্তুষ্টি থাকিলে পোনছাটেই কোনেও অনাস্থা আনিব নোৱাৰিব।

তাৰ পৰিৱৰ্তে অসন্তুষ্টিৰ বিষয় প্রথমে দলৰ নেতৃত্বক অৱগত কৰিব লাগিব। অন্যথা দলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। উল্লেখ্য যে বিজেপিৰ দ্বাৰা গঠিত ইখনৰ পাছত সিখন পৌৰসভাত সভাপতি, উপ-সভাপতি আদিৰ বিৰুদ্ধে অনাস্থা অনাৰ এক প্রবণতা তীব্ৰতৰ হৈছে। ইতিমধ্যে পূব আৰু উত্তৰ অসমৰ কে’বাখনো পৌৰসভাত অনাস্থা অনা হৈছে। ইয়াৰ ফলত যিকোনো মুহূৰ্তত দলটোৱে নেতৃত্ব দিয়া পৌৰসভাবোৰ ভংগ হোৱাৰো উপক্ৰম হৈছে। ইয়াৰ সুযোগ ল’বলৈ তৎপৰ হৈ আছে বিৰোধী দল। গতিকে গুৰুতৰ হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা সভাপতি, জিলা প্ৰভাৰী, সহকাৰী প্ৰভাৰী আদিক বিষয়টোত সক্রিয়তাৰে সংযোজিত কৰাৰ চেষ্টত নামিছে বিজেপি নেতৃত্ব।

ইয়াৰ বাবে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনাৰ সিদ্ধান্ত মর্মে যোৱা ১১ জুলাইৰ নিশা সভাপতি ভৱেশ কলিতাই ভিডিঅ’ কনফাৰেলিঙৰ জৰিয়তে সকলো জিলা সভাপতি, জিলা প্ৰভাৰী, সহকাৰী প্ৰভাৰীৰ লগত মত বিনিময় কৰে। ইয়াত সভাপতি আৰু প্ৰভাৰীসকলক তেওঁলোক দায়িত্বত থকা জিলাৰ পৌৰসভাত বিসম্বাদী তৎপৰতা গা কৰি উঠাৰ খবৰ পোৱা মাত্রকে নিয়ন্ত্ৰণৰ নিৰ্দেশ দিয়া হয়।

তদুপৰি ৰাজ্যিক নেতৃত্বকো লগে লগে অৱগত কৰিবলৈ কোৱা হয়। আনহাতে, যিসমূহ পৌৰসভাত ইতিমধ্যে সংঘাত আৰম্ভ হৈছে তাৰ বিতং বুজ লৈ শীঘ্ৰে ৰাজ্যিক নেতৃত্বক জনাবলৈও কোৱা হৈছে। এই ভিডিঅ’ কনফাৰেন্সিঙত কলিতাই এই কথা সকীয়াই দিয়ে যে এই সময়ত বিৰোধী যিকোনো সুযোগ ল’বলৈ সাজু হৈ আছে। লোকসভা নির্বাচনত বিশেষকৈ কংগ্রেছে পূৰ্বৰ তুলনাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা আৰু বিজেপিৰ আসন আগতকৈ হ্রাস হোৱাত বিৰোধী দলটো উৎসাহিত হৈ আছে।

এনে পৰিস্থিতিত কংগ্ৰেছক কোনো ধৰণৰ সুযোগ দিব নালাগে। ইয়াৰ বিপৰীতে বিজেপিক অধিক শক্তিশালী কৰিব লাগে। লোকসভাত পূর্বতকৈ আসনৰ সংখ্যা হ্রাস হোৱাটোৱে বিজেপি দুর্বল হোৱাটো নুবুজায় বুলি দাবী কৰি সভাপতি কলিতাই পঞ্চায়ত নির্বাচনত ভাল ফলাফল দেখুৱাব লাগিবই বুলি কয়। ইয়াৰ বাবে সকলোকে সাজু হ’বলৈ আহ্বান জনায়। গতিকে এনে সময়ত পৌৰসভাবোৰত কোনো বিসম্বাদ হ’ব নালাগিব বুলি কয় কলিতাই।

প্রসংগক্রমে উল্লেখ্য যে বিজেপি শাসিত পৌৰসভাবোৰত সৃষ্টি হোৱা বিসম্বাদৰ অন্যতম কাৰণ হ’ল ক্ষমতাকেন্দ্রিক। তদুপৰি চৰ্চা এইধৰণেও হৈছে যে একাংশ পৌৰসভাত বাজপেয়ী ভৱন আৰু জনতা ভৱনত দপদপাই থকা নেতাৰ ফৈদৰ প্ৰভাৱতো বিসম্বাদৰ সূত্রপাত হৈছে। উদাহৰণ স্বৰূপে পৌসভাৰখনৰ সভাপতি তথা পৌৰপতিজন যদি জনতা ভৱন অথবা বাজপেয়ী ভৱনৰ কোনো শীর্ষ নেতাৰ প্ৰভাবেৰে চলে, আন একাংশ আকৌ আন নেতাৰ প্রভাবেৰে পুষ্ট হৈ চলি আহিছে। শেষত গৈ দুই ফৈদৰ সংঘাতৰ সূত্রপাত হয়।

গতিকে এনে বিভিন্ন কাৰণত দলটোৰ দখলত থকা কমেও ৬০ শতাংশ পৌৰসভাত সম্প্ৰতি অস্থিৰতা বিৰাজ কৰিছে। উল্লেখ্য যে যোৱা পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে যি সফলতা লাভ কৰিছিল সেয়া আছিল দলটোৰ বাবে অত্যন্ত আশাপ্রদ।

৭৭খন পৌৰসভা দখলৰ উপৰি দলটোৰ প্ৰাৰ্থীয়ে ৯৭৭ টা ৱাৰ্ডৰ ভিতৰত ৭৫৯ টাত জয়লাভ কৰিছিল। তাৰ ভিতৰত এনে কে’বাখনো পৌৰসভা আছিল য’ত ধর্মীয় সংখ্যালঘু ভোটাৰে জয় পৰাজয়ত মূল ভূমিকা গ্রহণ কৰে। ধিং, লালা, কৰিমগঞ্জ আদি ইয়াৰ উদাহৰণ। লোকসভা নিৰ্বাচনৰ ফলাফলে দলটোৰ অংকত এই ক্ষেত্রত আউল লগোৱাৰ আশংকা মুখ ফুটাই নক’লেও প্রায় সকলোৱে কৰিছে। তাৰ ওপৰত যদি আকৌ বিসম্বাদ চলি থাকে তেতিয়া পৰিস্থিতি জটিল হোৱাই স্বাভাৱিক বুলি দলৰ জ্যেষ্ঠ নেতাৰ সূত্ৰই আশংকা ব্যক্ত কৰে।

Exit mobile version