Border police ordered not to take cases against foreigners of six religions:ছয় ধৰ্মৰ বিদেশীৰ বিৰুদ্ধে গোচৰ নল’বলৈ নির্দেশ সীমান্ত আৰক্ষীক

নতুনকৈ প্ৰৱেশ কৰা বিদেশীক ৰক্ষণাবেক্ষণ, ন্যায়াধিকৰণত চলি থকা হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ প্ৰসংগৰ উল্লেখ নাই

foreinnar

Border police ordered not to take cases against foreigners of six religions:

নাগৰিকত্ব বিচাৰি আবেদন কৰক বা নকৰক, এতিয়াৰে পৰা ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্রীষ্টান ধর্মীয় কোনো লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণ কৰিব নোৱাৰিব অসম আৰক্ষীৰ সীমান্ত শাখাই। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে এক পত্ৰযোগে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালকপ্রধানক এই ক্ষেত্ৰত আৰক্ষীক সতর্ক হ’বলৈ নির্দেশ দিছে।

পত্রখনত উল্লেখ কৰা হৈছে যে নাগৰিকত্ব (সংশোধিত) আইন, ২০১৯ (কা) ৰূপায়ণৰ স্বাৰ্থত আৰক্ষীয়ে এতিয়াৰে পৰা সংশ্লিষ্ট হিন্দুকে ধৰি ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে বিদেশী বুলি গোচৰ ৰুজু কৰিব নোৱাৰিব। উল্লেখ্য যে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক আৰক্ষীৰ সীমান্ত শাখাই বিদেশী বুলি গোচৰ পঞ্জীয়ন কৰি বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণৰ পৰিৱৰ্তে তেওঁলোকক নির্দিষ্ট প’ৰ্টেলৰ জৰিয়তে নাগৰিকত্ব বিচাৰি নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰিবলৈহে সহায় তথা পৰামর্শ দিব লাগিব।

আৰক্ষীক ৰাজ্য চৰকাৰে এই বুলিও নির্দেশ দিছে যে সংশ্লিষ্ট তিনিখন ৰাষ্ট্ৰৰ পৰা অহা নির্দিষ্ট ছটা ধৰ্মৰ এনে লোকৰ সম্ভেদ লাভ কৰিলেও তেওঁলোকৰ বিষয়ে আৰক্ষীয়ে এতিয়াৰে পৰা সুকীয়া পঞ্জীয়ন বহীত তথ্য সন্নিৱিষ্ট কৰিব লাগিব। অর্থাৎ এতিয়াৰে পৰা মুছলমান ধৰ্মৰ লোকক বাদ দি আন সকলো ধৰ্মৰে বিদেশীৰ বিৰুদ্ধে অভিযোগ লাভ কৰিলেও ‘কা’ৰ অধীনত তেওঁলোক সুৰক্ষিত হোৱাৰ সূত্ৰে আৰক্ষীয়ে গ্রেপ্তাৰ বা বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণৰ পৰিৱৰ্তে নাগৰিকত্ব লাভ কৰাত সহায়হে কৰিব লাগিব।

আৰক্ষীক গৃহ বিভাগৰ সচিবে নির্দেশ দিছে যে ‘কা’ৰ অধীনত সুৰক্ষিত এনে বিদেশীৰ সম্ভেদ পালে বা কোনো লোকে অভিযোগ দাখিল কৰিলে আৰক্ষীয়ে তেনে লোকক ‘ইণ্ডিয়ানচিটজেনশ্বিপঅনলাইন. এনআইচি.ইন ঠিকনাত আবেদন কৰিবলৈ পৰামৰ্শ দিব লাগিব।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পার্থ প্রতিম মজুমদাৰে যোৱা পাঁচ জুলাইত আৰক্ষীৰ সীমান্ত শাখালৈ প্ৰেৰণ কৰা পত্ৰখনত এই কথাও উল্লেখ কৰিছে যে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অসমত প্ৰৱেশ কৰা নিৰ্দিষ্ট ছটা ধৰ্মৰ লোকৰ ক্ষেত্রতহে প্রযোজ্য এই সুকীয়া ব্যৱস্থা তালিকাত নথকা আন ধৰ্মৰ লোকৰ ক্ষেত্ৰত যাতে প্রযোজ্য কৰা নহয়। যদিহে আন ধৰ্মৰ কোনো বিদেশী দৃষ্টিগোচৰ হয়, তেন্তে তেনে লোকক কৰায়ত্ত কৰি পোনপটীয়াকৈ সংশ্লিষ্ট অঞ্চলত থকা বিদেশী ন্যায়াধিকৰণলৈ বিচাৰৰ বাবে প্ৰেৰণ কৰিব লাগিব বুলি পত্ৰখনত আৰক্ষীক নির্দেশ দিয়া হৈছে।

উল্লেখ্য যে ‘কা’ প্রযোজ্য হোৱাৰ পাছত নাগৰিকত্বৰ বাবে আবেদন নকৰা বা নাগৰিকত্ব লাভ নকৰা নির্দিষ্ট ধৰ্মৰ সংশ্লিষ্ট লোকসকলক আন এক ৰক্ষা কবচ প্রদান কৰি তেওঁলোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণৰ হাত-মুখ বন্ধ ৰাখিবলৈ ৰাজ্য চৰকাৰে দিয়া নির্দেশক লৈ এতিয়া ৰাজ্যত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভিন্ন পক্ষই অভিযোগ কৰা মতে, ৰাজ্য চৰকাৰে এই নির্দেশনাৰ জৰিয়তে ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত নতুনকৈ প্ৰৱেশ কৰা বিশেষকৈ হিন্দু বাঙালী সম্প্ৰদায়ৰ লোকসকলক সুৰক্ষা দিবলৈ উঠিপৰি লগাৰ বিপৰীতে পূৰ্বৰে পৰা থকা হিন্দু বাঙালীসকলৰ ক্ষেত্ৰত মূৰ পোলোকা মাৰিছে। কিয়নো ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণত বর্তমানেও হিন্দু বাঙালী সম্প্ৰদায়ৰ শ শ লোকৰ বিৰুদ্ধে চলি আছে বিদেশী সন্দেহত গোচৰ। একে সম্প্ৰদায়ৰ একাংশ লোকে নাগৰিকত্ব বিচাৰি আবেদন কৰাৰ লগতে কিছু সংখ্যকে নাগৰিকত্ব লাভ কৰিছে যদিও একে সময়তে একে ধৰ্মৰ আন একাংশ লোকে আকৌ বিদেশী ন্যায়াধিকৰণলৈ তাত-বাটি কাঢ়িবলগীয়া হৈছে।

লক্ষ্যণীয় যে ‘কা’ প্রযোজ্য হ’ল যদিও ইতিপূর্বে বিদেশী সন্দেহত বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে কোনো নির্দেশ জাৰি কৰা নাই। ইফালে, ‘কা’ৰ অধীনত নতুনকৈ গোচৰ ৰুজু নকৰিবলৈ তথা বিদেশী ন্যায়াধিকৰণলৈ গোচৰ প্ৰেৰণ নকৰিবলৈ গৃহ বিভাগে নির্দেশ জাৰি কৰিছে যদিও ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰস্তুতিৰ কাম আৰম্ভ হোৱাৰ সময়ৰে পৰা অর্থাৎ ২০১৪ৰ পৰা আজি পর্যন্ত কোনো লোকৰ বিৰুদ্ধে বিদেশী সন্দেহত নতুনকৈ গোচৰ ৰুজু কৰা প্রক্রিয়া বন্ধ। হৈ আছে।

এনআৰচি প্ৰস্তুতিৰ সময়ত কোনো লোকক বিদেশী বুলি সন্দেহ কৰি আৰক্ষীয়ে গোচৰ ৰুজু কৰিলে, তেনে লোক এনআৰচি প্ৰক্ৰিয়াৰ আওতাৰ পৰা বাহিৰ হৈ যোৱাৰ আশংকা কৰি নতুনকৈ গোচৰ ৰুজু প্ৰক্ৰিয়া বন্ধ ৰখা হৈছে। সেই ধাৰাবাহিকতা অব্যাহত থকাৰ সময়তে গৃহ বিভাগে এতিয়া সংশ্লিষ্ট ছটা ধৰ্মৰ লোকৰ বিৰুদ্ধে গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ নকৰিবলৈ দিয়া নির্দেশ অন্তঃসাৰশূন্য বুলি অভিযোগ উঠিছে।

Exit mobile version