CM Dr. Himanta Biswa Sarma Distributed Appointment letters to 41 candidates:
এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই সোমবাৰে ৪১গৰাকী প্ৰাৰ্থীক ম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে,অহা ১৫ আগষ্টত ৰাজ্য চৰকাৰে পুনৰ ১ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ পদক্ষেপ লৈছে ৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে ৫ বছৰীয়া কাৰ্যকালৰ ভিতৰত মুঠ ১.৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ অভিলাষী পৰিকল্পনা গ্ৰহণ কৰিছে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি প্ৰদান কৰি তেওঁৰ ভাষণত নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। নিযুক্তি প্ৰাপ্তসকলে নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালনৰ লগতে বিশেষকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিযুক্তি লাভ কৰাসকলক শিক্ষানুষ্ঠানসমূহত ‘ষ্টাৰ্ট আপ’ৰ পৰিৱেশ গঢ়ি তোলাত অৰিহণা যোগাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷