Congress has announced that it will contest the Delhi Assembly elections alone:দিল্লীত বিধানসভাৰ নিৰ্বাচনত অকলে প্রতিদ্বন্দ্বিতা ঘোষণা কংগ্ৰেছৰ

CONRESS

Congress has announced that it will contest the Delhi Assembly elections alone:

ৰাজ্যিক নেতৃত্বৰ প্ৰৱল আপত্তিৰ পাছতো শীর্ষ নেতৃত্বৰ হেঁচাত দিল্লীত কংগ্ৰেছে আপৰ স’তে মৰ্চা গঠন কৰিছিল। কিন্তু লোকসভাৰ বিগত নির্বাচনত দিল্লীৰ সাত সমষ্টিৰ এটাও জয়ী কৰিব নোৱাৰিলে কংগ্ৰেছ-আপ মৰ্চাই।

এইবাৰ কংগ্ৰেছে ঘোষণা কৰি ক’লে যে দিল্লীৰ বিধানসভাৰ আসন্ন নির্বাচনত দলে কোনো মর্চা গঠন নকৰে। বিধানসভাৰ নিৰ্বাচনত দিল্লীত কংগ্রেছে অকলে আটাইকেইটা সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব বুলি দিল্লী কংগ্ৰেছৰ সভাপতি দেবেন্দ্র যাদবে ঘোষণা কৰিলে।

যাদবে এইদৰে ক’লে, ‘বিধানসভা নির্বাচনত আমি দিল্লীত অকলে প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লৈছো। ব্যাপক মূল্যবৃদ্ধি আৰু সংস্থাপনহীনতাৰ কাৰণত মধ্যবিত্ত, জাতি-জনজাতিসহ সংখ্যালঘু আজি বিজেপি আৰু আপৰ প্ৰতি বিতুষ্ট হৈছে।’

Exit mobile version