Mercury in Dubai rose to 62.22 degrees Celsius:প্ৰচণ্ড গৰমে দহিছে ডুবাইক

৬২.২২ ডিগ্রী চেলচিয়াছলৈ উঠিল পাৰাস্তম্ভ

DUBAI

Mercury in Dubai rose to 62.22 degrees Celsius:

ছৌদি আৰৱৰ ক্ষুদ্ৰ বিশ্বৰূপে খ্যাত মৰুভূমি চহৰ ডুবাইত সম্প্রতি উত্তাপ বৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কালি দুপৰীয়া ডুবাই আন্তর্জাতিক বিমান বন্দৰত সৰ্বাধিক তাপমাত্রা আছিল ১৪৪ ডিগ্রী ফাইৰেনহাইট অর্থাৎ ৬২.৪৪ ডিগ্রী চেলচিয়াছ।

ADVERTISEMENT

সন্ধিয়া পাঁচ বজাত সর্বনিম্ন তাপমাত্রা আছিল ৫৩.৯ ডিগ্রী চেলচিয়াছ। অতিমাত্ৰা উত্তাপ বৃদ্ধিৰ ফলত ডুবাইত বসবাসকাৰী লোকসকলে যথেষ্ট সমস্যাৰ সম্মুখীন হৈছে। সাধাৰণতে গ্ৰীষ্মত ডুবাইত তাপমাত্রা ৪০ ডিগ্রী চেলচিয়াছৰ আশে-পাশে থাকে।
কিন্তু চলিত গ্রীষ্মত অস্বাভাৱিক তাপমাত্রা বৃদ্ধিৰ সন্মুখীন হৈছে ছৌদি আৰৱৰ এইখন চহৰ।

Exit mobile version