Six encounters took place in the state in the past 30 hours:
অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ যুযুধান স্থিতি ৷ ৰাজ্যত ৩০ ঘন্টাত আৰক্ষীৰ ছটাকৈ এনকাউণ্টাৰ ঘটনা সংঘটিত হয় ৷ আৰক্ষীৰ গুলীত বুধবাৰে কাছাৰৰ ভূবন পাহাৰত তিনি মাৰ উগ্ৰপন্থী নিহত হোৱাৰ বিপৰীতে যোৱা নিশা গোৱালপাৰাত সংঘটিত হয় আন এক এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ গুলীত গুলীবৃদ্ধ হয় দুটাকৈ দুৰ্ধৰ্ষ ডকাইত ৷ ডকাইত দুটাৰ নাম জাহিদুল ইছলাম আৰু আছান আলী ৷ দুই ডকাইত অশোক গোৱেলৰ হত্যাকাণ্ডৰ লগত জড়িত । আছান আলী আছিল অশোক গোৱেলৰ বাহন চালক হোৱাৰ বিপৰীতে জাহিদুল ইছলাম আছিল ডকাইতৰ দলটোৰ বাহন চালক।
উল্লেখ্য যে,ঘটনাৰ তদন্তৰ বাবে দুই ডকাইতক আগিয়া থানাৰ পৰা লৈ অনাৰ পথত এন্ধাৰৰ সূযোগ লৈ পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হয় ৷ আনহাতে, বৃহস্পতিবাৰে পুৱতি নিশা ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত আন এক এনকাউণ্টাৰৰ ঘটনাত গুলীবৃদ্ধ হয় এটা কুখ্যাত গো- মাফিয়া।
স্মতৰ্ৱ্য যে,ভাৰত-বাংলাদেশ সীমান্তত সংগোপনে বাংলাদেশলৈ গো- সৰবৰাহৰ বহু কেইটা ঘটনাৰ স’তে জড়িত থকা ছিৰাজুল হক আৰক্ষীৰ টাৰ্গেট হৈ আছিল। যাৰবাবে পলাতক অৱস্থাত থকা ছিৰাজুল শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে ৷ আজি পুৱতি নিশা গো- মাফিয়াটোক লগত লৈ গোলকগঞ্জ আৰক্ষীয়ে গাইখোৱাত চোৰাং গৰুৰ সৰবৰাহৰ ৰেকেটৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতেই হঠাতে আৰক্ষীৰ জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰে ৷
আৰক্ষীৰ ৰখিবলৈ সকীয়নি দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ নমনাত গুলীচালনা কৰাত আহত হয় গো- মাফিয়াটো ৷ভৰিত গুলীবৃদ্ধ মাফিয়া ছিৰাজুল হকক ইতিমধ্যে ভৰ্তি কৰা হৈছে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷