Assam taxis are not banned in Meghalaya Govt :Meghalaya Tourism Minister Paul Lyngdoh:অৱশেষত মেঘালয়ৰ পৰ্যটন মন্ত্ৰীৰ পল লিংডোৰ ঘোষণা

মেঘালয়ত মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি, সৰ্বভাৰতীয় অনুজ্ঞাপত্ৰ থকাৰ বাবে মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি

paul lyngdoh

Assam taxis are not banned in Meghalaya Govt :Meghalaya Tourism Minister Paul Lyngdoh:

মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি। এই কথা আজি ঘোষণা কৰে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডোৱে। সৰ্বভাৰতীয় অনুজ্ঞাপত্ৰ থকাৰ বাবে মেঘালয়ত নিষিদ্ধ নহয় অসমৰ টেক্সি। পূৰ্বৰ দৰে অসমৰ টেক্সি মেঘালয়ত চলাচল কৰিব পাৰিব ৷

উল্লেখ্য যে,মেঘালয়লৈ বহিঃৰাজ্যৰ বাহনে কেৱল পর্যটকক অনা- নিয়াহে কৰিব পাৰিব, কোনো পর্যটনস্থলীলৈ পর্যটকক লৈ যাব নোৱাৰিব। সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাই মেঘালয় চৰকাৰক এই সম্পর্কত সিদ্ধান্ত গ্রহণৰ বাবে হেচা প্ৰয়োগ কৰি আহিছিল।

মেঘালয় পর্যটন টেক্সি সন্থাই জনোৱা দাবীয়ে সম্প্রতি গুৱাহাটীকে ধৰি বহিঃৰাজ্যৰ চালকসকলৰ মাজত এক অসন্তুষ্টিৰ সৃষ্টি কৰিছে। বিশেষকৈ এই দাবী কাৰ্যকৰী হ’লে অসমৰ টেক্সি চালকসকল ব্যাপকৰূপে ক্ষতিগ্রস্ত হ’ব আৰু এই বিষয়ত অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছিল অসমৰ টেক্সি চালকসকলে।

উল্লেখ্য যে ,৯ জুলাইত সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাই মেঘালয়ৰ পৰ্যটন মন্ত্রী পল লিংডক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। স্মাৰকপত্ৰৰ জৰিয়তে সংগঠনটোৱে দাবী উত্থাপন কৰিছে যে বহিঃৰাজ্যৰ পৰা পর্যটক কঢ়িয়াই অনা বাহনসমূহক ন’ এন্ট্রি লগাব লাগে, যাতে স্থানীয় টেক্সি চালকসকল কিছু হ’লেও উপকৃত হয়।

সংগঠনটোৰ এই দাবীৰ পাছতে বিশেষকৈ অসমৰ টেক্সি চালকসকলৰ মাজত ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে। মেঘালয় চৰকাৰে যদি এই দাবী মানি সিদ্ধান্ত গ্রহণ কৰে, তেন্তে মেঘালয়ৰ বাহনসমূহৰ বাবেও খানাপাৰাই শেষ সীমা হ’ব বুলি অসমৰ চালকসকলে সকীয়নি প্রদান কৰিছে।

অসম ৰাজ্যিক টেক্সি চালক সন্থাৰ সভাপতি ধ্রুবজ্যোতি অসমে এই বিষয়ত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ টেক্সিসমূহে তিনিখন ৰাজ্যক কৰ দি আহিছে। অসমৰ উপৰি মেঘালয় আৰু অৰুণাচলক কৰ আদায় দি অহা হৈছে। এই টেক্সি সেৱাৰ জৰিয়তে বহু পৰিয়ালৰ জীৱিকা নিৰ্ভৰ হৈ আছে ।

এনেকুৱা সময়ত মেঘালয়ে যে এয়াই প্রথম কৰিছে তেনেকুৱা নহয়, আজি দীর্ঘদিন ধৰি মেঘালয়ৰ চালকসকলে অসমৰ পৰা যোৱা চালকসকলক বিভিন্ন সময়ত দুর্ব্যৱহাৰ কৰি আহিছে। অসমৰ চালকসকলৰ ওপৰত বিভিন্ন সময়ত মানসিক-শাৰীৰিকভাৱে দুব্যৱহাৰ কৰি অহা হৈছে। এই দাবী কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁ স্পষ্ট কৰি দি অসমৰ চালকসকলক পেটে-ভাতে মৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী তোলে।

উল্লেখ্য যে সদৌ খাচী মেঘালয় পর্যটন টেক্সি সন্থাৰ দাবীৰে যে অসমকে ধৰি বহিঃৰাজ্যৰ বাহনসমূহে পর্যটক শ্বিলংলৈকে আনিব পাৰিব আৰু শ্বিলঙৰ পৰা পুনৰ উভতাই নিব পাৰিব। শ্বিলঙৰ পৰা নিৰ্দিষ্ট পর্যটনস্থলীলৈ মেঘালয়ৰ টেক্সিয়েহে পর্যটক অনা-নিয়া কৰিব। বহিঃৰাজ্যৰ বাহনসমূহৰ কাৰণে মেঘালয়ৰ বাহনসমূহে পর্যাপ্ত পর্যটক লাভ নকৰে। ইতিমধ্যে শ্বিলং পিক্ত এনে ব্যৱস্থা কৰা হৈছে। এই দাবীত অটল টেক্সি চালকসকলৰ লগত অহা ন আগষ্টত মেঘালয় চৰকাৰে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। যদি এই সিদ্ধান্ত কাৰ্যকৰী হয়, মেঘালয়ৰ চালকসকলৰ বাবে ভাল সিদ্ধান্ত হ’ব যদিও অসমৰ বাহন চালকসকল ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে।

গুৱাহাটীৰ কে’বাজনো চালকে সদৰী কৰা অনুসৰি, এই দাবী কাৰ্যকৰী হ’লে তেওঁলোক ব্যাপক ক্ষতিৰ সম্মুখীন হ’ব। অসমৰ পৰা দৈনিক দুহেজাৰৰো অধিক বাহন মেঘালয়লৈ যায় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে উপাৰ্জনৰ পথ প্রশস্ত কৰি আহিছে। গুৱাহাটীৰ পৰা দৈনিক চাৰি-পাঁচ হেজাৰ টকা ভাড়াত দেশ-বিদেশৰ বহু পর্যটকক তেওঁলোকে মেঘালয়ৰ বিভিন্ন পর্যটনস্থলী পৰিদৰ্শন কৰাই আহিছে।

এতিয়া যদি বাহনসমূহ কেবল শ্বিলঙলৈ যাবলৈ অনুমতি দিয়ে, এয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে অসমৰ প্ৰতিজন টেক্সিচালকৰ বছৰি কমেও দুই লাখকৈ টকাৰ ক্ষতিৰ সম্মুখীন হ’ব বুলিও তেওঁলোকে জনায়। লগতে এনে হ’লে মেঘালয়ৰ বাহনসমূহেও অসমত প্ৰৱেশ কৰাত বাধাৰ সম্মুখীন হ’ব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে।

শেহতীয়া খবৰ অনুসৰি, অসম ৰাজ্যিক টেক্সি চালক সন্থাই ইতিপূৰ্বেই মেঘালয়ৰ পৰ্যটন মন্ত্ৰীক বিষয়টো বিবেচনাৰ দিয়া আবেদনক সহাৰী জনাই পৰ্যটন মন্ত্ৰীৰ পল লিংডোৱে ঘোষণা কৰে যে অসমৰ টেক্সি মেঘালয়ত নিষিদ্ধ নহয় ৷ অসমৰ টেক্সিয়ে পৰ্যটকক লৈ ৰাজ্যৰ সকলো স্থানলৈ নিব পাৰিব ৷

Exit mobile version