Italian Prime Minister fined for insulting height:ইটালীৰ প্ৰধানমন্ত্ৰীৰ উচ্চতাক লৈ বিদ্রূপ কৰা সাংবাদিকে জৰিমনা হিচাপে ভৰিলে পাঁচ হেজাৰ ইউৰো

meloni

Italian Prime Minister fined for insulting height:

ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল’নিক ইতিকিং কৰাৰ অভিযোগত দেশখনৰ এখন আদালতে এজন সাংবাদিকক ৫,০০০ ইউৰো অর্থাৎ ৫৪৬৫ মার্কিন ডলাৰৰ জৰিমনাৰ নির্দেশ দিলে।

ADVERTISEMENT

২০২১ৰ অক্টোবৰত সামাজিক মাধ্যমত সাংবাদিক গিউলিয়া কর্টেছে ইটালীৰ প্রধানমন্ত্রী মেল’নিৰ দৈহিক উচ্চতাৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল। মেল’নিক এইদৰে বিদ্রূপ কৰাৰ কাৰণত আদালতে গিউলিয়াক পূর্বেও ১২০০ ইউৰোৰ জৰিমনা বিহিছিল।

এইবাৰ মিলানৰ এখন আদালতে একে অভিযোগত সাংবাদিকজনক ৫,০০০ ইউৰো জৰিমনা বিহে। সামাজিক মাধ্যমত সাংবাদিকজনে মেল’নিক তেওঁৰ দৈহিক উচ্চতা মাত্র চাৰি ফুট বুলি উল্লেখ কৰি কটাক্ষ কৰিছিল।

দৈহিক উচ্চতাক লৈ সাংবাদিকজনে কৰা মন্তব্যৰ বিৰুদ্ধে মেল ‘নিয়ে আদালতৰ দ্বাৰস্থ হৈছিল আৰু এই অভিযোগৰ বিচাৰ চলাই মিলানৰ আদালতে সাংবাদিকজনক দোষী সাব্যস্ত কৰিলে।

Exit mobile version