What items were kept in the treasury of the Jagannath Temple?জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰত কি কি সামগ্ৰী ৰখা হৈছিল ?

jagannath

What items were kept in the treasury of the Jagannath Temple?

ওড়িছাৰ পুৰীস্থিত ভগৱান জগন্নাথ মন্দিৰত থকা ৰত্নভাণ্ডাৰ চাৰি দশকৰ পাছত মুকলি কৰা হ’ল। বৃহস্পতিবাৰে মন্দিৰৰ ৰত্নভাণ্ডাৰ প্ৰথমবাৰলৈ সম্পূৰ্ণভাৱে মুকলি কৰা হয় । এই ৰত্নভাণ্ডাৰত বহু মূল্যৱান ৰত্ন, দামী বস্ত্ৰ, ধাতুৰ মূৰ্তি, সোণ-ৰূপৰ মুদ্রা, মুকুট আৰু অন্যান্য অলংকাৰ আছিল। জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰত এই সমূহ ৰত্ন কোনে দান দিছিল?

ADVERTISEMENT

তথ্য অনুসৰি জগন্নাথ মন্দিৰত ভক্তই বিভিন্ন ধৰণৰ মূল্যবান সা-সামগ্রী দান কৰি আহিছে । ভক্তৰ পৰা এইদৰে লাভ কৰা মূল্যবান সম্পদসমূহ মন্দিৰ পৰিচালনা সমিতিয়ে ৰত্ন ভাণ্ডাৰত সংৰক্ষণ কৰি ৰাখিছিল।

বাৰশ শতিকাত এই মন্দিৰ নিৰ্মাণ হোৱাৰ পাছৰে পৰা বিভিন্ন ৰজা- মহাৰজায়ো মন্দিৰলৈ নানা মূল্যবান সামগ্রী দান কৰিছিল। এনে সামগ্রীও জগন্নাথৰ ৰত্নভাণ্ডাৰত ইমানদিনে সংৰক্ষিত হৈ আছিল।

Exit mobile version