Dihanam Training Workshops In Paikarkushi:শংকৰ-মাধৱৰ বৰ অসমত উজনি-নামনি বিভেদ কিয়:অমিয়া নেওঁগ কলিতা

meeting

Dihanam Training Workshops In Paikarkushi:

নলবাৰী জিলাৰ পাইকাৰকুছিস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ পাণ্ডাৰ থানত মণিকাঞ্চন শিল্পী সমাজৰ উদ্যোগত তিনিদিনীয়াকৈ দিহা নামৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হয়।

ভক্তিৰস সংগীতৰ অন্যতম দিহানামৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মণিকাঞ্চন শিল্পী সমাজৰ উদ্যোগত আজিৰে পৰা অৰ্থাৎ ২৩ জুলাইৰ পৰা ২৫ জুলাইলৈ শ্ৰী শ্ৰী হৰি মন্দিৰ পাণ্ডাৰ থানত তিনিদিনীয়াকৈ দিহানাম প্ৰশিক্ষণৰ কৰ্মশালাৰ আয়োজন কৰা হয়। জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় শতাধিক আয়তীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাখনৰ আৰম্ভণিতে এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে।

লগতে উপস্থিত থাকে কৰ্মশালাখনৰ প্ৰশিক্ষক দিহানামৰ গুৰু উপাধি প্ৰাপক অমিয়া নেওঁগ কলিতা,সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰেণ কলিতা,অৱসৰ প্ৰাপ্ত শিক্ষক উমেশ বৈশ্য,উক্ত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰমনী কান্ত বৰ্মন ,সাংবাদিকবৃন্দ ক্ৰমে দ্বিজেন ডেকা,তপন দাস,কালিন্দ্ৰ বৰ্মন,প্ৰণৱজ্যোতি কলিতা,মৃদুল কলিতাকে প্ৰমুখ্য কৰি মণিকাঞ্চন শিল্পী সমাজৰ বিষয়া সকল আৰু প্ৰশিক্ষাৰ্থী সকল।

উদ্বোধনী ভাষণত সমাজ কৰ্মী গণেশ তামুলীয়ে গুৰুজনাৰ অপূৰ্ব সৃষ্টি দিহা নাম সন্দৰ্ভত সুন্দৰ ভাষণ ৰাখে । লগতে কিৰ্তণ-ভাগৱতৰ জ্ঞান আহোৰণ কৰা আৰু নামৰ চৰ্চা কৰা লোকসকলে বাকপটুততাতো পাকৈত আৰু বাকপটুততাতেই এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ লাভ কৰে। আনহাতে মুখ্য প্ৰশিক্ষকৰ ভাষণত অমিয়া নেওঁগ কলিতাই দিহা নামৰ বিষদভাৱে বৰ্ণনা দিয়ে। লগতে দিহানামত থকা আসোঁৱাহ কিছুমান দূৰ কৰি সুন্দৰ ভাৱে পৰিৱেশন কৰিহে শুদ্ধ ৰূপত প্ৰচাৰ কৰিব লাগে।

লগতে শংকৰদেৱ-মাধৱদেৱ গুৰু দুজনাৰ বৰ অসমক উজনি-নামনি কৰি বিভাজন কৰাটো অনুচিত বুলিও মত প্ৰকাশ কৰে । শেষত গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি ৰাজিক বিশ্ব দৰৱাৰত প্ৰসাৰ আৰু প্ৰচাৰত সকলো অসমীয়াৰে দায়িত্ব আৰু কৰ্তব্য আছে বুলি উল্লেখ কৰে। ইয়াৰ পিছত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলে দিহা নামৰ প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হয়।

Exit mobile version