Terrible accident in Karimganj:কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু শিশুসহ পাঁচজনৰ

গুৰুতৰভাৱে আহত দুজন

karimganaj 1

Terrible accident in Karimganj:

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে শিশুসহ পাঁচজনৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় দুজন লোক। এই দুৰ্ঘটনাটি সংঘটিত হয় জিলা খনৰ নিলামবজাৰ থানা অন্তৰ্গত বেৰাজালত ।

প্ৰাপ্ত খবৰ অনুসৰি এএচ১০ বিচি২০৬১ নম্বৰৰ অট’ৰিক্সা আৰুএএছ১১এছ৮৩২৩ হুণ্ডাই ভেনু বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুয়োখন বাহন বাগৰি পৰে পথৰ দাঁতিৰ পথাৰত ।

আনহাতে,এই দুৰ্ঘটনাৰ পাছতে স্থানীয় লোক উপস্থিত হৈ আহত সকলক উদ্ধাৰৰ বাবে উবুৰি খাই পৰে। ঘটনাস্থলীত নিলামবজাৰ আৰক্ষীও উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষা আৰু আহত দুজনক ততাতৈয়াকৈ প্ৰেৰণ কৰে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ ৷

স্মতৰ্ৱ্য যে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে ক্ষুব্ধ হৈ ৰাজপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷ অৱশ্যে পিছত নিলামবজাৰ আৰক্ষীয়ে ক্ষুব্ধ ৰাইজক বুজাইবঢ়াই পথ অৱৰোধ নকৰিবলৈ আহ্বান জনোৱাৰ ৰাইজে পথৰ পৰা আঁতৰি যায় ৷ স্থানীয় ৰাইজৰ অভিযোগ হুণ্ডাই ভেনু বাহনে তীব্ৰ গতিত আহি অট’ৰিক্সা খনত সন্মুখৰ পৰা খুন্দা মাৰিছিল ৷

Exit mobile version