kLO{KN}: কোচকামতাপুৰী জনগনকএকত্ৰিত হোৱাৰ আহ্বান কে এল অ’ (কে এন) ৰ অধ্যক্ষ দাওছাৰ লংকাম কোচৰ

kamatapur 1

kLO{KN}:

কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহই ভাৰত চৰকাৰৰ লগত আলোচনাৰ বাবে মূল সুতিলৈ ঘুৰি অহাৰ লগে লগেই দ্বিখণ্ডিত হয় কমতাপুৰ লিবাৰেছন অৰ্গানাইজেছন চমুকৈ কেএলঅ । সংঘঠনটোৱে কেএলঅ কে এন নামাকৰন কৰি অব্যাহত ৰাখিছে সাংগঠনিক কাম কাজ ।

আজি সংবাদ মাধ্যমলৈ প্ৰেছ বিজ্ঞপ্তি প্ৰেৰন কৰি কোচ কমতাপুৰী জনগনৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনক একত্ৰিত হোৱাৰ আহ্বান জনাইছে সংগঠনটোৰ চেয়াৰমেন দাওছাৰ লংকাম কোচে । প্ৰেছ বিজ্ঞপ্তিত আৰু উল্লেখ কৰে যে সুদীর্ঘ ৩০ বছৰ কাল বহু উত্থান পতন, ঘাত- প্রতিঘাতৰ মাজেৰে সশস্ত্ৰ সংগ্ৰাম কৰাৰ পিছত ভাৰত চৰকাৰৰ আহ্বানত শান্তিপূর্ণ দ্বিপাক্ষিক ৰাজনৈতিক আলোচনাৰ জৰিয়তে কমতাপুৰ অথবা কোচবিহাৰ ৰাজ্য পুনর্গঠনৰ বিষয়টো মীমাংসা কৰিবলৈ ১৭ জানুৱাৰী ২০২৩ত KLO ৰ অধ্যক্ষ জীৱন সিংহ কোচ ভাৰতত প্রবেশ কৰে।

একে উদ্দেশ্যৰে ১৫ মার্চ ২০২৩ ত KLOৰ বৈদেশিক সচিব কোচ পাভেল কোচ ভাৰতত প্ৰৱেশ কৰে। কোচ কমতাপুৰী মানুহৰ আবেগ, অহংকাৰ, গৌৰৱ KLO ৰ  অধ্যক্ষ জীৱন সিংহ কোচ ভাৰতত প্রত্যাবর্তন কৰাৰ লগে লগে বুদ্ধিজীৱী মহল, কমতাপুৰ সুৰক্ষা সমিতি, কমতাপুৰ ৰাজ্য দাবী কমিটিৰ উদ্যোগত ২৮ টা সংগঠন ঐক্যবদ্ধ হৈ অতি সোনকালে জীৱন সিংহ কোচৰ লগত শান্তিচুক্তি স্বাক্ষৰিত কৰিবলৈ ভাৰত চৰকাৰক দাবী জনায়।

(১) কমতাপুৰ বা কোচবিহাৰ ৰাজ্য পুনর্গঠন, (২) কমতাপুৰী বা ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্তি, (৩) অসম, বেঙ্গল আৰু বিহাৰৰ কোচ-ৰাজবংশী সকলোক ভৈয়াম জনজাতি বা ST(P)ৰ মৰ্যাদা প্রদান, (৪) KLOৰ সকলো নেতা, কর্মী, সদস্যৰ বিভিন্ন গোচৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা সাধাৰণ ক্ষমাদান আৰু (৫) KLO কর্মকর্তাক পুনস্থাপন।

এই পাঁচটা দাবীৰ ভিত্তিত ভাৰত চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ লগত ইতিমধ্যে আলোচনা চুড়ান্ত পর্যায়ত উপনীত হৈছে এতিয়া অকল আনুষ্ঠানিক ঘোষণা হোৱা নাই বুলি উল্লেখ কৰি আৰু কয় KLO ৰ অধ্যক্ষ জীৱন সিংহ কোচৰ লগত ভাৰত চৰকাৰৰ আলোচনা প্রক্রিয়া যিহেতু চুড়ান্ত পর্যায়ত উপনীত হৈছে গতিকে এই মুহুর্তত কোচ কামতাপুৰী জনগণ তথা দল- সংগঠন ভাগ ভাগ হৈ নেথাকি সুদীর্ঘ ৭৫ বছৰ ধৰি শোষিত, বঞ্চিত হোৱা কোচ কমতাপুৰী মানুহৰ বৃহত্তৰ স্বাৰ্থত, কমতাপুৰ বা কোচবিহাৰ ৰাজ্য পুনর্গঠনৰ বাবে জাতি, ধর্ম, বর্ণ, দল-মত নির্বিশেষে সকলোৱে KLOৰ অধ্যক্ষ, কমতাপুৰী মানুহৰ আবেগ, অহংকাৰ জীৱন সিংহ কোচৰ নেতৃত্বত ঐক্যবদ্ধ হ’বলৈ অনুৰোধ জনোৱা জনাইছে চেয়াৰমেন জনে ।

Exit mobile version