Plane crashes at Tribhuvan International Airport in Nepal:নেপালৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ দুৰ্ঘটনা

উৰণৰ সময়তে জ্বলি উঠে যাত্ৰীবাহী বিমাণ, ১৮ জন যাত্ৰীৰ কৰুণ মৃত্যু

plane crashe

Plane crashes at Tribhuvan International Airport in Nepal:

হিমালয়ান দেশ নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা। বুধবাৰে নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা সূৰ্য এয়াৰলাইনছৰ এখন বিমান উৰণৰ সময়তে হঠাতে জ্বলি উঠে বিমান খন ৷ মুহূৰ্তৰ ভিতৰতে জুই-ক’লা ধোঁৱাই ছানি ধৰে বিমানখন ৷ ইয়াৰ পিছতে হুৱাদুৱা লাগে বিমানকোঠত। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ পাইলট মনীষ শাক্যক সহ কেইবাজনো যাত্ৰীকো উদ্ধাৰ কৰে। আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰা হয় হাস্পতালত।

প্ৰাপ্ত খবৰ অনুসৰি,সূৰ্য এয়াৰলাইনছৰ যাত্ৰীবাহী বিমান খন আজি পুৱা এঘাৰবজাত উৰণৰ কিছ সময়ত পিছত ৰানৱেৰ পৰা পিছলি যায় বিমানখন। তাৰ পিছতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটি। শেহতীয়া খবৰ অনুসৰি দুৰ্ঘটনাত ১৯ জনৰ ভিতৰ ১৮জনেই কৰুণ মৃত্যুক সাবটি লয় ।

উল্লেখযোগ্য যে , পাৰ্বত্য দেশ খনত ২০১০ চনৰ পিছৰে পৰা ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ আহিছে ধাৰাবাহিক বিমান দুৰ্ঘটনা ৷ উল্লেখ্য যে অভিশপ্ত বিমান খনত এয়াৰ হোষ্টেছ ,পাইলট সহ ১৯ গৰাকী যাত্ৰী আছিল ৷

Exit mobile version