Press conference by the Commissioner of Police on the disappearance of Ramen Baroua:সন্ধানহীন ৰমেন বৰুৱা !

ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত আছে অভিযান, সোমবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন বৰুৱাৰ, ৰমেন বৰুৱাক জীয়ৰীয়ে মানসিক হাৰাশাস্তিৰ অভিযোগ, ৰমেন বৰুৱা জীয়ৰীক তলৱ লতাশিল আৰক্ষীৰ, জাপৰীগোগৰ আত্মীয়ৰ ঘৰত থকা বৰ্ণিকা বৰুৱা লতাশিল থানাত উপস্থিত, সোধপোছৰ অন্তত যাব দিয়া হয় বৰ্ণিকা বৰুৱাক, ৰমেন বৰুৱা নিখোজ সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ সংবাদমেল

cp

Press conference by the Commissioner of Police on the disappearance of Ramen Baroua:

অসমৰ প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা মহানগৰীৰ লতাশিলৰ বাসগৃহৰ পৰা সোমবাৰে হঠাতে নিৰুদ্দেশ হোৱাক লৈ আজিও উৎকণ্ঠিত হৈ আছে পৰিয়ালবৰ্গ সহ গুণমুগ্ধ ৷ বৰুৱাৰ এই পৰ্যন্ত নাই কোনো সম্ভেদ।

ইতিমধ্যে শিল্পীগৰাকীৰ পৰিয়াল বৰ্গ আৰু গুণমুগ্ধৰ লগতে আৰক্ষীয়ে এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও সম্ভেদ উলিয়াব পৰা নাই ।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল। বগা কুৰ্তা-পাইজামা পৰিহিত অৱস্থাৰে তেওঁ ব্ৰহ্মপুত্ৰৰ দিশে আগবাঢ়ি গৈছিল ৷ আনকি আৰক্ষীয়ে তেওঁৰ মোবাইল ট্ৰেক কৰি ব্ৰহ্মপুত্ৰৰ পাৰতেই অন্তিম লোকেচন ধৰা পেলাইছিল। আৰক্ষীয়ে অনুসন্ধানত উদ্ধাৰ কৰিছে ৰমেন বৰুৱাৰ চেণ্ডেলৰ চিনো ।

যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰাই এছ ডি আৰ এফে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ৰমেন বৰুৱাৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ বুকুতো ডুবাৰুৱে চলাইছে অভিযান ।

আনহাতে মুখ্যমন্ত্ৰীয়ে মঙলবাৰে ৰমেন বৰুৱা নিৰুদ্দেশ সন্দৰ্ভত সামাজিক মাধ্যমত উদ্বিগ্ন প্ৰকাশ কৰি এইক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাক নিৰ্দেশ দিয়ে ৷ সেই অনুসৰি আৰক্ষী আয়ুক্ত বৰা যোৱা নিশা ৰমেন বৰুৱাৰ লতাশিলস্থ বাসগৃহত উপস্থিত হৈ ভাতৃ তথা শিল্পী দ্বিপেন বৰুৱা সহ পৰিয়ালৰ আন সকলৰ স’তে মতবিনিময় কৰে। একেদৰে যোৱা নিশাৰে পৰা আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত স্নিফাৰ ডগ গৈ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰে ৷ যাৰবাবে নিশাৰে পৰা এই পৰ্যন্ত এছডিআৰএফৰ ডুবাৰুৱে যুদ্ধকালীন তৎপৰতাৰে ব্ৰক্ষপুত্ৰৰ বুকুত অভিযান অব্যাহত ৰাখিছে।

ৰাজ্যৰ সংগীত জগতৰ চিৰ সেউজ শিল্পী গৰাকীৰ নিৰুদ্দেশক লৈ চাঞ্চল্যৰ মাজতে কেতবোৰ বিষয়ে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। শিল্পী ভাতৃ দ্বিপেন বৰুৱাই সংবাদ মাধ্যমক জানিব দিয়া মতে, ৰমেন বৰুৱাৰ জীয়ৰী বৰ্ণিকা বৰুৱাই প্ৰায়ে পিতৃক মানসিক অশান্তি দি আহিছিল ৷ গালি-শপনি পৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ ইয়াৰ মূল কাৰণ ৷ তেওঁলোকৰ পিতৃ ১৯২৩ চনতে নিৰ্মাণ কৰা সুবিশাল ঘৰটো ব্লিডাৰক দিব লাগে ৷ কিন্ত এইক্ষেত্ৰত আপত্তি দৰ্শাই আহিছিল ৰমেন বৰুৱা আৰু দ্বিপেন বৰুৱাই ৷ দ্বিপেন বৰুৱাৰ মত,আমি দুয়ো জীয়াই থকা লৈকে এনে কাম হ’ব নোৱাৰে ৷

যাক লৈ খড়গগ্ৰস্ত ৰমেন বৰুৱাৰ জীয়ৰী বৰ্ণিকা বৰুৱাই সুকীয়াকৈ কাহিলীপাৰাত ভাড়া কৰি থাকে ৷ আন এক ঘটনাক্ৰমে পিতৃ ৰমেন বৰুৱা নিখোজ কৰা সন্দৰ্ভত ৰমেন বৰুৱাৰ লতাশিলৰ বাসগৃহত উপস্থিত হয় আৰক্ষী। বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাক বিচাৰি গৈছিল আৰক্ষী দলটো ৷ কিন্ত ঘৰত ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাক নাপায় জাপৰীগোগৰ ৰমেন বৰুৱাৰ জ্যেষ্ঠ ভাতৃ প্ৰয়াত ব্ৰজেন বৰুৱাৰ জীয়ৰীৰ ঘৰত থকাৰ সম্ভেদ লাভ কৰি বৰ্ণিকাক বিচাৰি জাপৰীগোগলৈ যায় লতাশিল আৰক্ষী ৷

 ইতিমধ্যে আৰক্ষীৰ তলৱমৰ্মে বৰ্ণিকা বৰুৱা বৰদেউতাক ব্ৰজেন বৰুৱাৰ জীয়ৰী বাইদেউয়েকৰ স’তে লতাশিল থানাত উপস্থিত হয় । থানাত জ্যেষ্ঠ আৰক্ষী বিষয়াই সোধপোছ কৰি পিছত যাব দিয়া হয় বৰ্ণিকা বৰুৱাক ।

# ৰমেন বৰুৱাৰ নিখোজ সন্দৰ্ভত গুৱাহাটী আৰক্ষী আয়ুক্তৰ সংবাদমেল

বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা সোমবাৰৰ পৰা মহানগৰীৰ তলাশিলস্থ বাসগৃহৰ পৰা হঠাতে নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীয়ে চলাই থকা অনুসন্ধান সম্পৰ্কত আজি বিয়লি এক সংবাদমেল সম্বোধন কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷
আয়ুক্ত গৰাকীয়ে তদন্তৰ খাতিৰত সকলো তথ্য সদৰি কৰাৰ পৰা বিৰত থাকি তদন্তৰ আংশিক অগ্ৰগতিৰ বিষয়ে আভাস দাঙি ধৰে ৷
তেওঁ কয় যে ৰমেন বৰুৱা খুব মুডী আছিল । তেও ঘৰৰ পৰা ওলায় যাওঁতে ৰাষ্টাত লগ পোৱা বহুজনে ক’লৈ যায় বুলি কৈছিল যদিও তেওঁ কোনো মন্তব্য দিয়া নাছিল। মাত্ৰ হাতত আছিল এটা পলিথিন। তেওঁৰ ম’বাইল ১০-০৯মিনিটৰ পিছৰে পৰা অফ আছিল ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিচি কেমেৰাত অন্তিমবাৰৰ বাবে তেওঁৰ দৃশ্য আবদ্ধ হৈছিল। বগা কুৰ্তা-পাইজামা পৰিহিত অৱস্থাৰে তেওঁ ব্ৰহ্মপুত্ৰৰ দিশে আগবাঢ়ি গৈছিল ৷ আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত স্নিফাৰ ডগ গৈ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থান কৰে।

চিপি গৰাকীয়ে আৰু কয় যে,এতিয়াই ক’ব নোৱাৰি তেওঁ ব্ৰহ্মপুত্ৰত নিখোজ হৈছে। ইতিমধ্যে ৰমেন বৰুৱা ভাতৃ,জী,ভতিজা- ভতিজী স’তে মতবিনিময় কৰা হৈছে ৷ তেওঁৰ কিছু ব্যক্তিগত অসন্তুষ্টি আছিল ৷ নিৰুদ্দেশৰ আঁৰত ব্যক্তিগত বা পৰিয়ালগত সমস্যা থকাটো নিশ্চিত ৷ অৱশ্যে এই সকলো দিশ পোহৰলৈ আহিব তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত ৷

এছডিআৰএফে ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰাখিব তাৰ সমান্তৰালকৈ আৰক্ষীৰ মাৰাথন তদন্তও চলিব বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

Exit mobile version