।। গাত খান্দি পুতি থলে বনবিভাগে।।
পাচ বছৰীয়া মতা হাতীৰ পোৱালীটো জাকৰ পৰা বিছিন্ন হৈ ৰাণী ছাটাৰ গাওৰ এটি নিজৰাৰ দ-ঠাইত যোৱা ৩০ এপ্ৰিলৰ নিশাৰে পৰা পৰি ৰয়। এনে অৱস্থাত স্থানীয় লোকসকলে হাতীৰ পোৱালীটোৰ মৰণ কাতৰ চিঞৰ শুনি উক্ত স্থানলৈ আহি মৃত্যুৰ সতে যুজ দি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি ৰাণীস্থিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ত অৱগত কৰে। পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ পোৱালীটোৰ অৱস্থাৰ বুজ লৈ চিকিৎসকৰ দ্বাৰা প্ৰাথমিক চিকিৎসা ব্যৱস্থা কৰাৰ লগতে নিজৰাৰ পৰা ৰাইজৰ সহযোগত ওখ ঠাইলৈ স্থানান্তৰ কৰে। ভৰি আৰু মুখত গুৰুত্বৰ আঘাত পোৱা পোৱালীটোক নিশাটো শিৱিৰত ৰাখি প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই অহাৰ পিছতো আজি পুৱাৰ ভাগত হাতীৰ পোৱালীটোৱে মৃত্যুৰ ওচৰত হাৰ মানিলে। উল্লেখ্য যে, স্থানীয় ৰাইজ আৰু বনবিভাগে ধাৰণা কৰা মতে নিশা জাকৰ সৈতে অহা হাতী পোৱালীটোক ডাঙৰ হাতীয়ে আক্ৰমণ কৰাৰ ফলতেই এইদৰে অসুস্থ হৈ পৰি ৰৈছিল। মৃত হাতীৰ পোৱালীটোৰ বিভাগীয় নিয়মনুযায়ী মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাণীত বনাঞ্চলত গাত খান্দি পুতি থয়।






























