Bangalore police prevent reels from being Police Uniform:খাকী পোছাকত ৰীল তৈয়াৰত বাধা বাংগালুৰু আৰক্ষীক

bengluru

Bangalore police prevent reels from being Police Uniform:

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিভাগৰ সকলো বিষয়া-কর্মচাৰীক খাকী পোছাক পৰিধান কৰি সামাজিক মাধ্যমত ৰীল তথা আন ভিডিঅ’ প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পাছত কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুতো আৰক্ষী বিভাগে ইউনিফর্ম পৰিধান কৰা অৱস্থাত আৰক্ষীক ৰীল তৈয়াৰৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিলে।

বাংগালুৰুৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দে এক নির্দেশনাত কয় যে আৰক্ষী বিষয়া- কর্মচাৰীয়ে খাকী পোছাক আৰু কৰ্তব্যৰ সময়ত সামাজিক মাধ্যমত ৰীল তৈয়াৰ কৰি প্ৰচাৰ কৰিলে বিভাগৰ বদনাম হোৱাৰ লগতে আৰক্ষীৰ ভাবমূর্তি ম্লান হয়। এনে কাৰ্যৰ পৰা সকলো আৰক্ষীক বিৰত থাকিবলৈ নির্দেশ দি আৰক্ষী আয়ুক্তই কয় যে খাকী পোছাকত ৰীল তৈয়াৰ কৰাটো কেৱল অনুশাসনহীনতাই নহয়, এয়া হৈছে আৰক্ষীৰ বাবে এক নীতি বিৰোধী কাৰ্য।

Exit mobile version