Rods are selling at more than Rs 10,000 in Assam despite the price cut a month ago: বহিঃৰাজ্যত এমাহ পূৰ্বেই মূল্য হ্ৰাসৰ পাছতো অসমত ১০ হেজাৰ অধিক মূল্যত বিক্ৰী ৰ’ড

গ্রাহকক মাধমাৰ শোধাই মুষ্টিমেয় ব্যৱসায়ী-বিষয়াৰ অসাধু চক্রই বুজাবুজিৰে চলাইছে ভয়াৱহ লুণ্ঠন, প্রতিবেগ চিমেণ্টত কমেও এশ টকাকৈ অধিক মূল্য আদায়ৰ পাছতো নীৰৰ চৰকাৰ

cement

Rods are selling at more than Rs 10,000 in Assam despite the price cut a month ago:

সাধাৰণ গ্রাহকৰ মুৰত মাধমাৰ শোধাই গৃহ নির্মাণৰ মূল উপাদান লোহা (ৰড) আৰু চিমেন্টৰ ছিণ্ডিকেট বাহিনীয়ে চলাইছে লুণ্ঠন; অথচ নির্বিকাৰ বহুবল্কী মন্ত্রী, চৰকাৰী বিভাগ। সকলো জানিও নজনাৰ ভাও জুৰি নীৰৱ দর্শক হৈ ৰাইজক লুণ্ঠন চলাবলৈ এৰি দিছে মুষ্টিমেয় ব্যৱসায়ীক। এই ছিণ্ডিকেট চক্রই অসমৰ বজাৰ নিয়ন্ত্রণ কৰি আছে।

সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ প্রতি কুইন্টলত ৬,০০০ টকাৰ পৰা ৬,৫০০টকাকৈ বজাৰত বিক্ৰী হৈছে লোহা। একেদৰে প্রতি টনত ৬০ হেজাৰৰ পৰা ৬৫ হেজাৰ টকা ভৰিবলগীয়া হৈছে গ্রাহকে । তথ্য অনুসৰি, এমাহ পূর্বে প্রতি টনত লোহা (টিএমটি বাৰ) ৰ দাম আছিল ৬৫ হেজাৰ টকা। প্রতি কুইন্টলত এই মূল্য আছিল ৬,৫০০ টকা। বিভিন্ন কাৰণত এমাহ পূর্বে প্রতি টনত ১০ হেজাৰ টকাকৈ হ্রাস পায়। দুর্গাপুৰৰ পৰা অহা এই লোহাৰ দাম বর্তমান প্রতি টনত ৫২ হেজাৰ টকালৈ হ্রাস পাইছে। এই মর্মে প্রতি কুইন্টলত পাইকাৰী বজাৰত মূল্য হ’ব লাগে ৫,২০০ টকা।

গণেশগুৰি গুপ্তা হার্ডৱেৰৰ পৰিচালকে জনোৱা মতে, খুচুবা বজাৰত এই প্রতি কুইণ্টল লোহাৰ দাম ৫,৪০০ টকা আৰু প্রতি টনত পাইকাৰী বজাৰত ৫২,৫০০ টকা হ’ব লাগে। অথচ বজাৰত এতিয়াও ৬০ হেজাৰৰ পৰা ৬৫ হেজাৰকৈ প্রতি টনত লোহা বিক্রী হৈছে। ইপিনে, প্রতি কুইণ্টলত ৬,০০০ পৰা ৬,৫০০ কৈ বিক্রী হৈছে। লোহাৰ দাম হ্রাস পোৱাৰ পাছতো দুষ্ট ব্যৱসায়ীৰ স’তে বিভাগীয় কর্তৃপক্ষৰ গোপন বুজাবুজিৰ বাবেই এমাহ পূর্বে দাম হ্রাস পোৱাৰ পাছতো অসমত মাধমাৰ শোধাই অহা হৈছে। একেদৰে বাহিৰৰ পৰা অহা এচিচি, লাফার্জ আদিৰ দৰে কোম্পানীৰ চিমেন্টৰ দাম অসমৰ ৰাইজে প্রতি বেগত ৩৩০ৰ পৰা ৩৪০ টকাকৈ ক্ৰয় কৰিছে ৷

অথচ অসম আৰু মেঘালয়ত স্থানীয়ভাবে প্রস্তুত কৰা চিমেন্ট ৰাইজে ক্রয় কৰিবলগীয়া হৈছে প্রতি বেগত ৪৬০ৰ পৰা ৪৭০ টকাকৈ। মন কৰিবলগীয়া যে টপচেম কোম্পানীৰ মালিক হৈছে কৈলাশ লোহিয়া, ষ্টাৰ চিমেন্টৰ স্বত্বাধিকাৰী হৈছে ছজন ভজনকা আৰু ডালমিয়া চিমেণ্টৰ স্বত্বাধিকাৰী পুনিত ডালমিয়া।

এতিয়া প্রশ্ন উঠে যে অসমত আৰু মেঘালয়ত চিমেন্ট, প্রস্তুত কৰাৰ পাছত এই কোম্পানীকেইটাই অসমৰ ৰাইজকে বাহিৰৰ পৰা অহা চিমেণ্টতকৈ বহু বেছিগুণ দৰত কিয় বিক্রী কৰে। স্থানীয়ভাবে উৎপাদিত চিমেন্টৰ ক্ষেত্রত পৰিবহণ ব্যয় কম হয় তথা বিভিন্ন সা-সুবিধা থাকে। স্থানীয়ভাবে নির্মিত চিমেন্ট অসমৰ ৰাইজে যিসময়ত কম মূল্যত ক্রয় কৰা অৱকাশ আছিল সেই সময়ত এনে লুণ্ঠনৰ আঁৰত কোন আছে বুলি প্রশ্ন উঠিছে।

মনকৰিবলগীয়া যে চুবুৰীয়া পশ্চিমবংগত অসমতকৈ চিমেন্টৰ দাম কম। আজি পাঁচশ টকা পর্যন্ত আদায় দি এক বেগ চিমেন্ট অসমৰ সাধাৰণ ৰাইজে ক্রয় কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ সোণাপুৰ, আমিনগাঁও আৰু নগাঁৱত চিমেণ্টৰ কাৰখানা স্থাপনৰ উদ্দেশ্য আছিল অসমৰ ৰাইজক কম মূল্যত চিমেন্ট যোগান ধৰা; অথচ এতিয়া তাৰ ওলোটাটোহে হৈছে। একাংশ চৰকাৰী বিষয়া আৰু মুষ্টিমেয় ব্যৱসায়ীয়ে অসাধু বুজাবুজিৰ বাবে ভুক্তভোগী হৈছে ৰাইজ।

সূত্ৰত প্রকাশ যে পৰিস্থিতিৰ বলি হোৱাৰ ভয়তে বহু ব্যৱসায়ীয়ে মুখ খুলিব নিবিচাৰে। বজাৰ নিয়ন্ত্ৰণৰ বাবে যিসকল চৰকাৰী বিষয়া আছে, তেওঁলোকে কিয় নিমাতে আছে তাকে লৈ গভীৰ ৰহসাৰ সৃষ্টি হৈছে। একে সময়তে নিমাত দিছপুৰ। কাৰ স্বার্থত প্রশাসনে কাম কৰি আছে সেই প্রশ্নও উঠিছে। আনকি সমস্ত বিষয়টোক লৈ নিমাত হৈ আছে বিৰোধী পক্ষও।

Exit mobile version