Last five years 383 people have been killed in elephant attacks in Assam:বিগত পাঁচ বছৰত ৰাজ্যত হাতীৰ আক্রমণত প্রাণ গ’ল ৩৮৩ জনৰ

হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শোণিতপুৰত

WILD ELEPHANT

Last five years 383 people have been killed in elephant attacks in Assam:

ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। এফালে বনাঞ্চল ধ্বংস আৰু আনফালে খাদ্যৰ সংকটত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ইজনৰ পাছত সিজন লোকে। ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত এনে ঘটনাত কিশোৰৰ পৰা বয়োজ্যেষ্ঠলৈকে প্রাণ হেৰুৱাবলগীয়াত পৰিছে। তাৰ মাজতে বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৰাজ্যখনৰ ৩৮৩ জন লোকে প্রাণ হেৰুওৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০১৯-২০২০ বৰ্ষত অসমত হাতীৰ আক্রমণত ৭৫ জন লোকে প্রাণ হেৰুৱায়। একেদৰে ২০২০-২০২১ত ৯১ জন, ২০২১-২০২২ত ৬৩ জনে, ২০২২- ২০২৩ত ৮০ জনে আৰু ২০২৩-২০২৪ বৰ্ষত অসমত হাতীৰ আক্রমণত ৭৪ জন লোকে প্রাণ হেৰুৱায়। লগতে উল্লিখিত পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যত হাতীৰ আক্ৰমণত ৪১৮ জন লোকে প্রাণ হেৰুৱাই বুলি বিভাগটোবে তথ্য প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত অৰুণাচলত দুজন, মেঘালয়ত ২৩ জন, নগালেণ্ডত দুজন আৰু ত্ৰিপুৰাত আঠজনে হাতীৰ আক্রমণত প্রাণ হেৰুৱায়

উল্লেখ্য যে উল্লিখিত পাঁচ বছৰত দেশৰ ১৫খন ৰাজ্যত হাতীৰ আক্ৰমণত ২,৭২১ জন লোকে প্রাণ হেৰুৱাইছে। কেন্দ্রীয় বন মন্ত্রণালয়ৰ তথ্য অনুসৰি, দেশত ২০১৯-২০২০ বর্ষত ৫৭৪ জনে, ২০২০-২০২১ত ৪৪৪ জনে, ২০২১- ২০২২৩ ৫২০ জনে, ২০২২-২০২৩ ত ৫৮৩ জনে আৰু ২০২৩-২০২৪ বর্ষত হাতীৰ আক্রমণত ৬০৬ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰ ভিতৰত সর্বাধিক ওড়িছাত ৬২৪ জন, ঝাৰখণ্ডত ৪৭৪ জনে, পশ্চিমবংগত ৪৩৬ জনে, চত্তিছগড়ত ৩০৩ জনে, তামিলনাডুত ২৫৬ জনে আৰু কর্ণাটকত ১৬০ জনে প্রাণ হেৰুৱায়।

ইফালে, চলিত বর্ষতো অসমত হাতীৰ আক্রমণত বহুকেইজন লোকে প্রাণ হেৰুৱাইছে। চলিত বর্ষৰ ফেব্ৰুৱাৰীত ডিগবৈৰ হালধীবাৰীত পবিত্র ফুকন (২০), এপ্রিলত গোলাঘাট মৰঙিৰ এক নম্বৰ চেঁচাবিলৰ সুভাষ কৰুৱা, মে’ত লক্ষীপুৰৰ কুর্শাপাকৰি গাঁৱৰ আবুল মালেক (৫৩), পশ্চিম কাৰ্বি আংলঙৰ জিৰিবাচাৰ ৰামজিৎ চৌহান, জুনত মৰিগাঁৱৰ মাজগাঁৱৰ ববি দেউৰী নামৰ কিশোৰজনৰ উপৰি তামুলপুৰ বগাজুলিত মনিকা বড়ো নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে হাতীৰ আক্ৰমণত প্রাণ হেৰুৱায়।

আনহাতে, শোণিতপুৰ জিলাত উদ্বেগজনকভাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। চলিত বৰ্ষৰ এপ্রিল পর্যন্ত জিলাখনত হাতীৰ আক্রমণত তিনিজন লোকে প্রাণ হেৰুৱাইছে। বিগত পাঁচ বছৰত শোণিতপুৰত – হাতীৰ আক্রমণত ৩০ জন লোকে প্রাণ হেৰুৱাইছে। বিভাগীয় তথ্য অনুসৰি, জিলাখনত ২০২১ত নজন, ২০২০ ত পাঁচজন, ২০১৯ত তিনিজনে হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লয়।একেদৰে ২০২২ত তিনি জন আৰু ২০২৩ত জিলাখনত সাতজন লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছে।

উল্লেখ্য যে ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতে সকলোকে চিন্তিত কৰি তুলিছে। ক’ৰবাত যদি হাতীৰ আক্ৰমণত নাগৰিকৰ মৃত্যু হৈছে, আন ক’ৰবাত মানুহৰ আক্ৰমণত হাতীয়েও করুণ মৃত্যুক আঁকোৱালি লৈছে। নিতৌ সংবাদ শিৰোনাম দখল কৰিছে হাতী-মানুহৰ সংঘাতে; কিন্তু ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি এই দিশত এতিয়াও বিশেষ ব্যৱস্থা হৈ উঠা নাই।

Exit mobile version