Robbers killed the householder and robbed him of money in Bangaigaon
বঙাইগাঁৱৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। ডকাইতৰ দলে গৃহস্থক নৃশংসভাৱে হত্যা কৰি লুটি নিলে সোণ আ- অলংকাৰ সহ নগদ ১ লাখ টকা ।
ADVERTISEMENT
ডকাইতৰ নৃশংসতাৰ বলী হোৱা দুৰ্ভগীয়া লোকজনৰ নাম কৃষ্ণ মণ্ডল ৷ পুৱতি নিশা অভয়াপুৰীৰ পিৰাধৰাত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী অধীক্ষক মোহনলাল মীনা, অতিৰিক্ত আৰক্ষী সবিতা দাসসহ আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ নগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে,হকৃষ্ণ মণ্ডলৰ পত্নীয়ে জনোৱা মতে, ডকাইতৰ দলে তেওঁৰ স্বামীক চোকা জাতীয় অস্ত্ৰৰে হত্যা কৰাৰ পূৰ্বে তেওঁকো এটা কোঠাত আবদ্ধ কৰি দুৱাৰ বাহিৰৰ পৰা বন্ধ কৰি দিছিল ৷