Jyotisandhan Poetry Recitation Competition:মহানগৰীৰ শিলপুখুৰী, হাউচিং কলনীত জ্যোতিসন্ধান নামৰ সংস্থাৰ দ্বাৰা গ্ৰীষ্মকালীন বন্ধ উপলক্ষে কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন

kabita path

Jyotisandhan Poetry Recitation Competition:

মহানগৰীৰ  শিলপুখুৰীৰ হাউচিং কলনীত জ্যোতিসন্ধান নামৰ সংস্থাৰ উদ্যোগত এইবাৰ গ্ৰীষ্মকালীন বন্ধৰ বিশেষ অনুষ্ঠান হিচাপে এক কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।  প্ৰতিযোগিতাখন পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় আৰু দিনৰ ১ বজালৈকে চলে । প্ৰতিযোগিতাত বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰী তথা সাহিত্য প্রেমীয়ে অংশগ্ৰহণ কৰে।  প্ৰতিযোগিতাৰ পৰিসমাপ্তিত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে জ্যোতিসন্ধান সংস্থাৰ মুৰব্বীয়ে কয়, “এইধৰণৰ প্ৰতিযোগিতা আয়োজনৰ দ্বাৰা শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহ জন্মাই তুলি, তেওঁলোকৰ ভিতৰত আত্মবিশ্বাস বৃদ্ধি কৰাটো জ্যোতিসন্ধানৰ মূল লক্ষ্য। ” প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয়ৰ লগতে বিশেষ স্থান লাভ কৰা বিজয়ীসকলক বঁটা আৰু সকলো অংশগ্ৰহণকাৰীসকলক এখন প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

প্ৰতিযোগিতা সফলভাবে সমাপ্ত হোৱাৰ পাছত সংস্থাৰ সদস্য সকলেও সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আহাৰ যোগান ধৰে। সংস্থাৰ ভবিষ্যৎ কার্যসূচীসমূহত এইধৰণৰ সাহিত্যিক প্ৰতিযোগিতাৰ আয়োজন অব্যাহত থাকিব বুলি জ্যোতিসন্ধানে ঘোষণা কৰে |

Exit mobile version