APSC Agricultural Development Officer recruitment scam: A special court has announced the term of punishment:APSC কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ শাস্তিৰ ম্যাদ ঘোষণা ৰাকেশ বিশেষ আদালতৰ

দুৰ্নীতিৰ খলনায়ক ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ডৰ বিপৰীতে জৰিমনা ২ লাখ টকা, বসন্ত দলে আৰু জৰিমনা ছামেদুৰ ৰহমানক ১০বছৰ কাৰাদণ্ডৰ লগতে জৰিমনা ৫০ হাজাৰ টকা, ২৯ জন কৃষি উন্নয়ন বিষয়াক ৪ বছৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা

rakesh paul

APSC Agricultural Development Officer recruitment scam: A special court has announced the term of punishment:

অসম লোক সেৱা আয়োগৰ বহুচৰ্চিত কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষীৰ শাস্তি ঘোষণা কৰে বিশেষ ন্যায়াধীশ আদালতে  ৷সেই অনুসৰি দুনীৰ্তিৰ খলনায়ক তথা এপিচিচিৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে জৰিমনা বিহা হয় ২ লাখ টকাৰ ৷ আনহাতে আয়োগৰ তদানীন্তন সদস্যদ্বয় বসন্ত দলে আৰু ছামেদুৰ ৰহমানক ১০ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহে ৫০ হাজাৰ টকা ৷ একেদৰে ২৯ জন অভিযুক্ত কৃষি উন্নয়ন বিষয়াক ৪ বছৰ কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহা হয় দহ হেজাৰ টকা।

কাৰাদণ্ড প্ৰাপক অভিযুক্ত হ’ল সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুঙক ৷

Exit mobile version