Maldives is on the verge of becoming a free trade net of China:চীনৰ মুক্ত বাণিজ্যৰ জালত বন্দী হোৱাৰ দিশত অগ্ৰসৰ মালদ্বীপ

china44

Maldives is on the verge of becoming a free trade net of China:

অহা ছেপ্টেম্বৰত মালদ্বীপ আৰু চীনৰ মাজত সম্পন্ন মুক্ত বাণিজ্য চুক্তি (এফটিএ) কাৰ্যকৰী কৰা হ’ব। চীন সমর্থক মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুয়ে এই তথ্য সদৰী কৰি জনোৱা অনুসৰি, এমাহ পাছতে চীনৰ স’তে মালদ্বীপৰ মুক্ত বাণিজ্য চুক্তিৰ আধাৰত বাণিজ্যিক লেনদেন আৰম্ভ হ’ব।

মালদ্বীপৰ ৫৯ সংখ্যক স্বাধীনতাৰ বৰ্ষপূর্তি উপলক্ষে আয়োজিত সমাৰোহত এইদৰে ঘোষণা কৰি মুইজুৱে কয় যে চীনৰ লগতে তুৰস্ক আৰু ব্রিটেইনৰ স’তেও মুক্ত বাণিজ্যৰ বাবে বুজাবুজিৰ চুক্তি সম্পন্ন কৰিবলৈ তেওঁৰ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে যোৱা মে’ত মালদ্বীপৰ বিত্ত মন্ত্রী মহম্মদ ছয়িদে ভাৰতক এফটিএৰ প্ৰস্তাৱ দিছিল যদিও নতুন দিল্লীয়ে এই প্ৰস্তাৱ স্বীকাৰ নকৰিলে। মালদ্বীপে শেহতীয়াভাবে চীনৰ স’তে ঘনিষ্ঠতা বৃদ্ধি কৰিছে।  বিশেষজ্ঞ মহলৰ মতে চীনৰ স’তে মুক্ত বাণিজ্যৰ বাবে সম্মতি দি দৰাচলতে মুইজ্জু চৰকাৰে বেইজিঙৰ কৌশলপূর্ণ জালত ভৰি দিলে। চীনৰ স’তে এফটিএ কার্যকৰী হ’লে মুঠ ৭৮৯৭ সামগ্ৰীৰ ক্ষেত্ৰত আৰোপিত শুল্ক ব্যৱস্থাৰ অৱসান ঘটিব। বিশেষজ্ঞৰ মতে ইয়াৰ জৰিয়তে মালদ্বীপতকৈ বিত্তীয় দিশত চীন অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version