Tension among the fish farmers in Nagaon :নগাঁৱত মীন পালকসকলৰ মাজত হাহাকাৰ

নিতৌ মৰিছে পুখুৰীৰ পোহনীয়া মাছ, পুৱাতে পুখুৰীত ওপঙি থাকে মাছ

fish

Tension among the fish farmers in Nagaon :

মৎস্য উৎপাদনৰ ক্ষেত্রত অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও জিলাত শেহতীয়াকৈ অচিন বেমাৰত আক্ৰান্ত হৈ শশ মাছ পুখুৰীত মৰি ওপঙি উঠাত এতিয়া মূৰে- কপালে হাত দিছে মীন পালকসকল। বিশেষকৈ বিগত দুদিন ধৰি জিলাখনৰ বহুসংখ্যক পুখুৰীত হঠাৎ মাছ ধৰি ওপঙি উঠাত সৰ্বসাধাৰণ মৎস্যজীৱীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই ক্ষেত্রত জিলাখনৰ বিয়াগোম মীন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ সর্বত্র উঠিছে।

কালিৰ দিনটোত বহু ভুক্তভোগী মীনপালকে সমস্যাটোৰ সন্দৰ্ভত মীন বিভাগৰ লগত যোগাযোগ কৰিও কোনো গুৰুত্ব নোপোৱা বুলি অভিযোগ উঠিছে। ইতিমধ্যে বহুকেইজন মীন পালকে মাছ মৰি ওপঙি উঠাৰ ফটো নিজৰ ফেচবুক একাউণ্টত আপলোড কৰি মীন বিভাগৰ বিৰুদ্ধে তীব্র সন্তুষ্টি আৰু ক্ষোভ প্রকাশ কৰি নিজৰ প্রতিক্রিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

এমনিয়া অথবা হাইড্ৰ’ক্লৰিক গেছৰ ফলত হঠাৎ পুখুৰীত মাছ মৰা বুলি একাংশই দাবী কৰাৰ বিপৰীতে আন একাংশই পুখুৰীৰ পানীত অক্সিজেনৰ অভাৱ হোৱাৰ বাবেই মাছসমূহ মৰি যোৱা বুলি দাবী কৰিছে। ইয়াৰ প্ৰকৃত কাৰণ কি এই সন্দর্ভত জিলা মীন বিভাগৰ লগত যোগদান কৰি কোনো সদুত্তৰ পোৱা নাই ৰাইজে। বিভাগীয় নিয়ম অনুসৰি, জিলা মীন বিভাগৰ অধীনত উন্নয়ন খণ্ড ভিত্তিত মীন সম্প্ৰসাৰণ বিষয়া আৰু ক্ষেত্রত প্রদর্শকসকলে সময়ে সময়ে মৎস্যজীবী মীনপালক ৰাইজক লগ ধৰি অথবা সজাগতা সভা পাতি মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাইজে সম্মুখীন হোৱা অসুবিধা আৰু অধিক উৎপাদনৰ বাবে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়ে জ্ঞাত কৰিব লাগে যদিও এই ক্ষেত্রত একাংশ বিষয়া-কর্মচাৰীয়ে চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়াৰ অভিযোগ উঠিছে।

উল্লেখ্য যে জিলাখনত ৰাজ্যৰ সৰ্বাধিক সংখ্যক অর্থাৎ আঠ লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে। ইয়াৰে অকল জিলাখনৰ উত্তৰ পশ্চিম অঞ্চলৰ বটদ্ৰৱা, জুৰীয়া আৰু ৰূপহী উন্নয়ন খণ্ড অঞ্চলতেই কে’বা লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে বুলি বিভাগীয় এক সূত্রে জনা গৈছে। মন কৰিবলগীয়া বিষয় এই যে অকল বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী, বেচামাৰী আৰু টুকটুকী অঞ্চলত জিলাখনৰ আটাইতকৈ বেছি অর্থাৎ প্রায় লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে।

তদুপৰি উক্ত অঞ্চলটোৰ অসমৰ একমাত্ৰ মাছৰ পোনা উৎপাদনৰ কে’বাটাও কেন্দ্র আছে। অঞ্চলটোৰ প্ৰায় ৮০ শতাংশৰো অধিক সংখ্যক লোক মৎস্য ব্যৱসায়ৰ লগত জড়িত হৈ নিজৰ লগতে পৰিয়ালৰ একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথৰূপে বাছি আছে। বহু উচ্চ শিক্ষিত যুৱক চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ নকৰি মৎস্য ব্যৱসায়ৰে নিজকে অর্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে।

উৎসাজনক খবৰ এই যে নগাঁও জিলাৰ উক্ত অঞ্চলসমূহত উৎপাদন হোৱা মাছে জিলাখনৰ চাহিদা পূৰণ কৰাৰ লগত অসমৰ উজনিৰ জিলাসমূহৰ লগতে গুৱাহাটীতো মাছ সৰবৰাহ হয়। অকল অসমতেই নহয় বহিঃৰাজ্য নগালেণ্ড, মেঘালয়লৈয়ো মাছৰ সৰবৰাহ কৰি ৰাজ্যখনৰ অর্থনৈতিক ভঁৰাল চহকী কৰাৰ যথেষ্ট অৰিহণা যোগাই আহিছে। তৎসত্ত্বেও চৰকাৰে জিলাখনৰ মৎস্যজীৱীসকলক যি ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিছিল সেই ধৰণৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

Exit mobile version