Chhaygaon:দক্ষিণ কামৰূপৰ কলহী নদীত দিনে নিশাই চলিছে বালিৰ অবৈধ খনন

গভীৰ নিদ্ৰাত পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডিএফএ ডিম্পী বৰা 

kalahi 1

Chhaygaon:

দক্ষিণ কামৰূপৰ কলহী নদীত দিনে নিশাই চলিছে বালিৰ অবৈধ খনন | ছয়গাঁৱৰ বিভিন্ন স্থানত চৰকাৰীভাৱে কোনো মহল নিবিদা নিদিয়া স্বত্বেও বন বিভাগক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এনেদৰে বৃহৎ আকাৰৰ ভূট-ভূটি নাৱৰে লৈ যোৱা হয় বালি । বন বিভাগক অভিযোগ দিলেও গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । গভীৰ নিদ্ৰাত পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডিএফএ ডিম্পী বৰা

পানীখাইটিৰ বনীয়াপাৰা, আমবাৰী-জাৰাবাৰী, গুমীৰ কাটিং, শিমলুবাৰী, পাৰঘাট আদি অঞ্চলত এটা বালি মাফিয়া চক্ৰৰ ছত্ৰছায়াত পুৱাৰে পৰা চলে বালিৰ অবৈধ খনন । এই বালি খননৰ ফলত কলহী নদীলৈ আহিছে তীব্ৰ ভাবুকি । ইতিমধ্যে বালি খনন স্থলীৰ কাষতে চলি আছে তীব্ৰ গৰাখহনীয়া । খহনীয়াত জাহ গৈছে বহু কৃষি ভূমি আৰু জলসম্পদ বিভাগে স্থাপন কৰা জিঅ বেগ ।

বালি মাফিয়া চক্ৰই অস্থায়ীভাৱে সাজি লৈছে টিঙৰ চালিয়া । এই চালিয়াখনৰ পৰা নিয়ন্ত্ৰণ হয় অবৈধ বালিৰ ৰমৰমীয়া বেহা

স্থানীয় ৰাইজে বালিৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰতিবাদো সাব্যস্ত কৰে । এই বালি খননৰ বাবে দক্ষিণ পূৱ এছিয়াৰ ভিতৰতে অদ্বিতীয় ৰিভাৰ ডলফিনৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি ।

Exit mobile version