Bangladesh Crisis:বাংলাদেশৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ

সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে, বৈঠকত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত

jaisankar

Bangladesh Crisis:

বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে সামৰিক অভ্যুত্থান ঘটে৷ যাৰ পৰিপ্ৰেক্ষিতত সেনাৰ মুৰব্বীৰ নিৰ্দেশমৰ্মে সোমবাৰে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি সেনাৰ হেলিকপ্টাৰেৰে ভগ্নীৰ স’তে ভাৰতলৈ পলায়ন কৰি প্ৰথমে আগৰতলা ৷ তাৰ পিছত বিশেষ বিমানেৰে বাংলাদেশৰ বায়ুসেনাৰ বিমানযোগে আহি দিল্লীৰ সমীপৰ গাজিয়াবাদৰ ভাৰতীয় বায়ুসেনা ৷ বাহিনীৰ এটা ঘাটিত অৱতৰণ কৰে ৷ তাতে অৱস্থান কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৷

উল্লেখ্য যে ভাৰতত অস্থায়ীভাৱে বাহৰ পাতি থকা শ্বেখ হাছিনাই ইংলেণ্ডৰ ৰাজধানী লণ্ডনত ৰাজনৈতিক আশ্ৰয় বিচাৰি দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰে যোগাযোগ কৰিছে যদিও সেউজ সংকেত পোৱা নাই ৷ আনহাতে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰকাশ কৰি মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীত অনুষ্ঠিত কৰে সৰ্বদলীয় বৈঠক

বৈঠকত অংশগ্ৰহণ কৰা দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে বাংলাদেশত শ্বেখ হাছিনাই সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হৈছে ৷ তাত থকা প্ৰায় তেৰ হেজাৰ ভাৰতীয়ক নিৰাপত্তা দিবলৈ দেশখনৰ সেনাক আহ্বান জনায় ৷

ইতিপূৰ্বে তিনিশ লোক আন্দোলনত মৃত্যু হোৱাৰ পাছত পৰিস্থিতি অতি উত্তপ্ত হৈ পৰিছিল ৷যাৰবাবে জনতাৰ প্ৰতিবাদত সেও মানি শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত শেহতীয়া পৰিস্থিতিৰ প্ৰতি ভাৰত চৰকাৰে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিছে বুলি মন্তব্য কৰে বিদেশ মন্ত্ৰী গৰাকীয়ে ৷

বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধী ধৰি এনডিএ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ বহু নেতাই অংশ লয় ৷ অৱশ্যে আপে অভিযোগ কৰে তেওঁলোকক মতা নহ’ল সৰ্বদলীয় বৈঠকলৈ ৷

বৈঠকত বিদেশ মন্ত্ৰী জয়শংকৰে কয় যে,বাংলাদেশৰ পৰিস্থিতি বেয়ালৈ ঢাল খোৱাৰ প্ৰাৰম্ভিক সময়ছোৱাতে ৮,০০০ ভাৰতীয়ই ভাৰতলৈ উভতি আহিছে । তেওঁ আৰু কয় যে,কেন্দ্ৰীয় চৰকাৰে শ্বেখ হাছিনাক সদ্যহতে আশ্ৰয় দিব যদিও পৰৱৰ্তী কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে তেওঁক কিছু সময় দিয়া হৈছে ৷

বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে,চুবুৰীয়া ক্ষুদ্ৰ দেশখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মধ্যম আৰু দীৰ্ঘম্যাদী ৰণনীতি থাকিব লাগে ৷ ইতিমধ্যে দেশখনৰ সেনাই নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে সদ্যহতে যি অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে তাত ভাৰত চৰকাৰ তীব্ৰ নজৰ দিয়া উচিত ৷

বৈঠকৰ অংশ লৈ শিৱসেনাৰ (ইউবিটি) নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, চুবুৰীয়া দেশ খনত শেহতীয়া যি পৰিস্থিতি সৃষ্টি হৈছে । তাৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে ভাৰতত  ৷ এনেক্ষেত্ৰত তাত থকা ভাৰতীয়ক সুৰক্ষিতভাৱে ভাৰতলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ লওক কেন্দ্ৰীয় চৰকাৰে ৷ একেদৰে ভাৰত- বাংলা সীমান্তত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিব লাগে যাতে কোনো উপদ্ৰৱকাৰী যাতে ভাৰতলৈ গোপনে অনুপ্ৰৱেশ কৰিব নোৱাৰে ৷

বৈঠকত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী গৰাকীয়ে বৈঠকত উল্লেখ কৰে যে,শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে সেনা আৰু আন্দোলনকাৰী ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই নবেল বঁটা বিজয়ী মোহম্মদ ইউনুছক অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হ’বলৈ আহ্বান জনাইছিল ।

ইতিমধ্যে ইউনুছে মুখ্য উপদেষ্টা হ’ব বুলি সংগঠন কেইটাক জনাইছে ৷ আনহাতে শেহতীয়াভাৱে বাংলাদেশৰ কিছু কিছু সংখ্যালঘু অধ্যুষিত অঞ্চলত উপদ্ৰৱকাৰীয়ে হিংসাত্মক কাৰ্যকলাপ চলাইছে ৷ এনে প্ৰেক্ষাপটত নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ স’তে ভাৰত চৰকাৰে আলোচনা কৰি সমস্যা সমূহ অন্ত পেলোৱাৰ বাবে সময়োচিত পদক্ষেপ ল’ব ৷ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ,বিজেপিৰ সভাপতি জেপি নাড্ডা উপস্থিত থাকে ৷

Exit mobile version