Green Tribunal has filed a case against the proposed luxury hotel in Kaziranga:কাজিৰঙাৰ প্ৰস্তাৱিত বিলাসী হোটেলৰ সন্দৰ্ভত গোচৰ ৰুজু সেউজ ন্যায়াধিকৰণৰ

green tribinal

Green Tribunal has filed a case against the proposed luxury hotel in Kaziranga:

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰস্তাৱিত বিলাসী হোটেল নিৰ্মাণৰ প্ৰসংগত নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণে। প্রকৃতি সুৰক্ষাৰ লগত জড়িত ‘মংগাবে-ভাৰত’ নামৰ এখন মঞ্চৰ এক প্রতিবেদনৰ ভিত্তিত সেউজ ন্যায়ধীকৰণে ১০৪৯/২০২৪ নম্বৰত এই গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে মঞ্চখনে প্রকাশ কৰা এক প্রতিবেদনত কোৱা হৈছে যে কাজিৰঙা আৰু ইয়াৰ আশে-পাশে থকা প্রস্তাবিত বিলাসী হোটেলে বন্যপ্রাণী সংৰক্ষণ, জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় লোক, চৰকাৰী বিষয়াৰ মন্তব্য আৰু ক্ষেত্ৰত্ত্তিক অধ্যয়ন কৰি প্ৰকাশ কৰা প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত চলি থকা বিভিন্ন নির্মাণ কাৰ্যৰ সন্দৰ্ভত বিস্তৃতভারে প্রকাশ পাইছে। ইয়াৰ পাছতে এই প্ৰতিবেদনৰ ওপৰত ভিত্তিত কৰি প্ৰস্তাৱিত বিলাসী হোটেলৰ সন্দৰ্ভত সেউজ ন্যায়ধীকৰণে গোচৰ ৰুজু কৰিছে আৰু সাত আগষ্টৰ পৰা এই গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত বিলাসী হোটেল তথা বিভিন্ন নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত সৰৱ হৈ আহিছে প্রকৃতিপ্রেমীসকলে। তাৰ মাজতে এই প্ৰসংগত গোচৰ ৰুজু হোৱাৰ পাছতে বিষয়টোৱে আন এক মাত্ৰ লাভ কৰিছে।

Exit mobile version