Ghagrapar Damage Road:ঘগ্ৰাপাৰৰ কাটুৰীয়াত এটি পথ ৩০ বছৰে এচপৰাও মাটি নপৰাত ৰাইজে ভুগিছে নৰক-যন্ত্ৰণা

শীঘ্ৰে বড়ো সমাজৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দাবী

damage road

Ghagrapar Damage Road:

নলবাৰী জিলা ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ এলাকাধীন কাটুৰীয়া গাঁৱৰ বড়ো চুবুৰীৰৰ একমাত্র পথছোৱা আজি প্রায় ৩০ বছৰ ধৰি এচপৰাও মাটি নপৰাত এজাক বৰষুণ দিলে বোকা-পানী একাকাৰ হৈ পৰে বুলি অভিযোগ তুলিছে।

উল্লেখ্য যে নেউলী বড়োৰ ঘৰৰ কাষৰ পৰা কাটুৰীয়া গাঁও প্রধানৰ ঘৰৰ সন্মুখৰে ৰেল লাইন সংযোগ পথছোৱা বছৰ বছৰ ধৰি কোনো প্রতিনিধিৰ চকুত নপৰাত ৰাইজে আজি যাতায়াত ক্ষেত্রত ভীষণ সমস্যা পৰি ক্ষোভ প্রকাশ কৰাৰ লগতে নলবাৰী বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাক বড়ো সমাজৰ বিধ্বস্ত পথছোৱাকে ধৰি খোৱা পানী,জৰ্জৰিত বাথৌ মন্দিৰ আৰু সভাঘৰ শীঘ্র উন্নয়ন কৰিবলৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।

Exit mobile version