Aranyak:হাতীএপ্‍ আৰু সৌৰ বেৰা বিষয়ক হাতপুথি মুকলি অনুষ্ঠান 

উত্তৰ পূৰ্বাঞ্চলত মানৱ-হাতী সংঘাত প্ৰশমনত সহায় কৰিব “হাতীএপ্‍”, সৌৰ বেৰা হাতপুথিয়ে

elephant fence

Aranyak :

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰ্দ্ধিত মানৱ-হাতী সংঘাত প্ৰশমন আৰু মানৱ-হাতীৰ সহাৱস্থানক উদগনি যোগোৱাত সহায় কৰা উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে তৃণমূলৰ লোকসকলকে ধৰি সকলো অংশীদাৰৰ বাবে উপযোগী হোৱাকৈ “হাতীএপ্” নামৰ এটা মোবাইল এপ্লিকেচন প্ৰস্তুত কৰিছে উলিয়াইছে ।

এই এপ্‍টোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী প্ৰেৰণৰ ব্যৱস্থা হিচাপে কাম কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাৰ অনাহুত পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব ।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী তথা হাতী গৱেষণা আৰু সংৰক্ষণ শাখাৰ মুৰব্বী ড: বিভূতি পি লহকৰৰ মতে এই এপটোত বনৰীয়া হাতীৰ আক্ৰমণৰ ভুক্তভোগীয়ে একাকালীন সাহায্য বিচৰা আবেদনৰ প্ৰ-পত্ৰও থাকিব।

ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত বন বিভাগক সহায় কৰাৰ উদ্দেশ্যে আৰণ্যকে মানৱ-হাতী সংঘাতৰ ভুক্তভোগী সকলৰ হৈ পূৰণ কৰা প্ৰ -পত্ৰবোৰ সংশ্লিষ্ট বন সংমণ্ডলত দাখিল কৰিব। আৰণ্যকক এই উদ্যোগত এছ বি আই ফাউণ্ডেশ্যনে সহযোগিতা আগবঢ়াইছে ।

“হাতীএপ”ৰ উপৰি আৰণ্যকে মানৱ-হাতী সংঘাত প্ৰশমনৰ এক ফলপ্ৰসূ আহিলা হিচাপে ব্যৱহাৰ কৰা সৌৰশক্তি-চালিত বেৰা (সৌৰ বেৰা) বিষয়ক এখন অসমীয়া হাতপুথিও সংকলন কৰি উলিয়াইছে । এই হাতপুথিখনত সৌৰ বেৰাৰ বিষয়ে বিশদ তথ্য, মানৱ-হাতী সংঘাত প্ৰশমনত ইয়াৰ উপযোগিতা, ইয়াৰ প্ৰতিটো উপাদানৰ কাম, বেৰা স্থাপন, পৰিচালনা আৰু চোৱা-চিতাৰ পদ্ধতিৰ লগতে “কৰিব লগা আৰু নলগা” আদি সকলো কথা সন্নিবিষ্ট কৰা হৈছে ।

ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট আৰু ডাৰউইন ইনিচিয়েটিভৰ সহযোগত আৰণ্যকে সংকলন কৰি উলিওৱা এই হাতপুথিখন সৌৰশক্তি-চালিত বেৰাৰ ব্যৱস্থাপনাত নিয়োজিত তৃণমূলৰ লোকসকল, বন বিভাগৰ কৰ্মী, বন বিভাগে সৌৰ বেৰা স্থাপনৰ বাবে নিয়োজিত কৰা ঠিকাদাৰ প্ৰতিষ্ঠান আৰু মানৱ-হাতী সংঘাত প্ৰশমনৰ উদ্দেশ্যে এনে বেৰা ব্যৱহাৰ কৰিবলৈ আগ্ৰহী অন্যান্য সংৰক্ষণ সংস্থাসমূহৰ বাবে উপযোগী হ’ব বুলি আশা কৰা হৈছে। গুৱাহাটীত ১০ আগষ্টত আয়োজিত এক অনুষ্ঠানত “হাতীএপ্‍” আৰু সৌৰ বেৰা বিষয়ক হাতপুথি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ।

Exit mobile version