Minister Atul Bora: অসম-মিজোৰামৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মিজোৰামৰ মুখ্যমন্ত্ৰীৰে বৈঠক মন্ত্ৰী অতুল বৰাৰ

mizoram 1

Minister Atul Bora:

অসম-মিজোৰামৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ব্যাপক তৎপৰতা অব্যাহত ৰখাৰ মাজতে অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই আইজলত সাক্ষাৎ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক

ইয়াৰ পিছত মুখ্যমন্ত্রী লালডুহোমাৰ সৈতে এক বৈঠকত মিলিত হয় মন্ত্ৰী বৰা ৷ দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা আলোচনাৰ মাধ্যমৰে অন্ত পেলোৱাৰ বাবে দুয়ো পক্ষ্যই সহমত প্ৰকাশ কৰে ৷ বৈঠকত অংশগ্ৰহণ কৰে দুয়োখন ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলে।

Exit mobile version