Dubai :চৰকাৰী বিষয়াই সপ্তাহত মাত্ৰ চাৰিদিনহে কৰিব লাগিব কাম !

dubai

Dubai :

ডুবাই চৰকাৰে ১৫ টা বিভাগৰ কৰ্মচাৰী ১২ আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে কার্যালয়ত সপ্তাহত মাত্ৰ চাৰিদিন কাম কৰাৰ নিয়ম প্ৰৱৰ্তন কৰিলে। এক পাইলট প্রজেক্টৰ অধীনত ডুবাই চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে। অত্যধিক গৰমৰ কাৰণত ডুবাই চৰকাৰৰ মানৱ সংসাধন বিভাগে এই পাইলট প্রজেক্ট প্রস্তুত কৰিছে।

কৰ্মচাৰীসকলে এই সময়ছোৱাত কার্যালয়ত প্রতি সপ্তাহত সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে কাম কৰিব। দৈনিক কর্মসময় হ’ব সাত ঘণ্টা। আনহাতে শুকুৰবাৰৰ পৰা দেওবাৰলৈকে চৰকাৰী কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা তেওঁলোকে ৰেহাই লাভ কৰিব। উল্লেখ্য যে ২০২২ বর্ষত সপ্তাহত চাৰিদিনীয়া কৰ্মৰ এই ব্যৱস্থা প্রথমে ব্রিটেইনত প্রবর্তন কৰা হৈছিল।

ব্রিটেইনত এই পদক্ষেপ যথেষ্ট ফলপ্রসূ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ডুবাই চৰকাৰে একে পদ্ধতি দেশখনৰ চৰকাৰী কৰ্মক্ষেত্ৰত অৱলম্বন কৰাৰ সিদ্ধান্ত ল’লে।

Exit mobile version