Iraq Law Proposing Legal Marriage Age Of Girls To 9 Years Would ‘Legalise Child:ইৰাকত ন বছৰ বয়সতে বিবাহৰ অধিকাৰ লাভ কৰিব কন্যাই, আইন সংশোধনৰ প্ৰস্তাৱ

iraq 1

Iraq Law Proposing Legal Marriage Age Of Girls To 9 Years Would ‘Legalise Child:

ইৰাকত ব্যক্তিগত আইন সংশোধনৰ বাবে হেঁচা দিছে দেশখনৰ ছিয়া সমর্থিত দলসমূহে। এই দাবী স্বীকাৰ কৰি আইনৰ সংশোধন কৰিলে ইৰাকত ন বছৰ বয়সতে বিবাহৰ অধিকাৰ লাভ কৰিব কন্যা সন্তান। প্ৰথমবাৰ এই সংশোধনী প্রস্তব দেশখনৰ সংসদত উত্থাপন হৈছে। বর্তমানে ইৰাকত প্রচলিত আইন অনুসৰি কন্যা সন্তানে ১৫ বছৰ বয়সতে বিবাহৰ অধিকাৰ লাভ কৰে।

কিন্তু দেশখনৰ ছিয়া দলসমূহে ১৯৫৯ৰ ব্যক্তিগত আইনৰ ১৮৮ নম্বৰ ধাৰা সলনি দাবী জনাইছে। আব্দুল কৰিম কাছিম চৰকাৰে ইৰাকত আইন সংশোধন কৰি পুৰুষ আৰু মহিলাৰ বিবাহৰ বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰিছিল। অৱশ্যে পাত্র-পাত্ৰীৰ অভিভাৱকৰ সম্মতিত কন্যা সন্তানক ১৫ বছৰ বয়সত বিবাহৰ অনুমতিও দিয়া হৈছে। এইবাৰ চৰমপন্থী ছিয়া দলে এই আইন সংশোধন কৰি ন বছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ অনুমতিৰ ব্যৱস্থা কৰিব বিচাৰিছে। প্ৰস্তাৱিত আইন সংশোধনৰ দাবীৰ সন্দৰ্ভত ইতিমধ্যে ইৰাবৰ মহিলা আৰু শিশু অধিকাৰ সংগঠনসমূহে তীব্র বিৰোধিতা কৰিছে।

Exit mobile version