বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰকুচিত এক ভয়ংকৰ বাইক দুৰ্ঘটনা সংঘটিত হয় । মকিবুল ইছলাম আৰু ববিদুল ইছলাম নামৰ দুই বন্ধুৱে AS-15-P-6236 নম্বৰৰ দুচকীয়া হিৰ’ গ্লেমাৰ বাহন লৈ তীব্ৰবেগে বালাগাঁৱৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ক্ষুদ্ৰকুচি এম ই মাদ্ৰাছাৰ সমীপতে থকা পকী দলঙৰ ৰেলিঙত খুন্দা মাৰে।
ADVERTISEMENT
স্থানীয় ৰাইজে জানিব দিয়া মতে, এক বিকট শব্দ হোৱাত আতংকিত ৰাইজে ওলাই আহি দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। লগে লগে দুর্ঘটনাগ্রস্ত যুৱক দুজনক ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।





























