Indo-Bangladesh Border Visit Lurinjyoti Gogoi:দঃ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাৰত আৰু বাংলাদেশৰ উন্মোক্ত সীমান্ত এলেকা পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

bangla 1

Indo-Bangladesh Border Visit Lurinjyoti Gogoi:

অসম জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দলে আজি দঃ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালোঘাট গাঁৱৰ নিকটৱৰ্তী আন্তঃৰাষ্ট্ৰীয় সীমা এলেকা পৰিদৰ্শন কৰে । সীমান্ত পৰিদৰ্শন কৰি লুৰিনজ্যোতি গগৈয়ে সংবাদ মাধ্যমত কয়,সীমান্ত ছীল কৰি অনুপ্ৰৱেশ আৰু অবৈধ সৰবৰাহ বন্ধ কৰিব লাগে বুলি অসমবাসী ৰাইজে কেইবা দশক ধৰি দাবী কৰি আহিছে। বিজেপি চৰকাৰেও সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰি ৰখা বুলি কৈ আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভাত দৃঢ়তাৰে ঘোষণা কৰিছিল যে তেওঁলোকৰ চৰকাৰে সীমান্তত এনে ব্যৱস্থা কৰিছে যে বাংলাদেশৰ পৰা চৰাই এটাও আহি সোমাব নোৱাৰে।. কিন্তু আমি আজি সীমান্তলৈ আহি যি দোখিলো, সেয়া বিস্ময়কৰ। আমি দেখিলো যে কালো নৈৰ দলঙৰ তলত বিস্তৃত এলেকা উন্মোক্ত হৈ আছে।

এই ঠাই মানকাচৰ চহৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত অৱস্থিত। চহৰৰ শ্বাহাপাৰাতে এটা বি এছ এফৰ শিবিৰ আছে। তাৰ পৰাও এই ঠাইৰ দূৰত এক-ডেৰ কিলোমিটাৰ হ’ব। চহৰৰ গাতে লাগি থকা নৈ এলেকাৰ সীমান্তৰ যদি এই অৱস্থা, তেনেহ’লে দূৰৱৰ্তী স্থানত কি অৱস্থা হ’ব পাৰে ভাৱক।

স্থানীয় ৰাইজে জনোৱা মতে, অকল মানকাচৰৰ ওচৰতে এনে ৬টা ঠাই আছে য’ত সীমান্ত উন্মোক্ত হৈ আছে। এনে উন্মোক্ত এলেকাৰে মানুহ আৰু পশুধনৰ অবৈধ অহা-যোৱা হৈ থাকে, ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ সামগ্ৰীৰো বেহা চলে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিবলৈ দাবী জনাইছিলো। চৰকাৰেও কঠোৰ পহৰাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আছে।

কিন্তু আমাক স্থানীয় ৰাইজে জনোৱা মতে সেই ঠাইত বি এছ এফৰ লোকে নিয়মীয়া পহৰা দিয়া ৰাইজে দেখা নাই। আমি বিষয়টো ৰাজহুৱাকৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলো আৰু সীমান্তৰ পহৰা কটকটীয়া কৰাৰ লগতে সীমান্ত ছীলৰ ব্যৱস্থা তৎকালীনভাৱে কৰিবলৈ দাবী জনালো।‌

Exit mobile version