Live Studio and National e-Legislative Application inaugurated in Assam Assembly:অসম বিধানসভাত লাইভ ষ্টুডিঅ’ আৰু নেশ্যনেল ই-বিধান এপ্লিকেশ্যনৰ শুভ উদ্বোধন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে উদ্বোধন

a 1

Live Studio and National e-Legislative Application inaugurated in Assam Assembly:

অসম বিধান সভা চৌহদত সোমবাৰে মুকলি হ’ল এখন অত্যাধুনিক কুইনছ লন , বিধান সভাৰ লাইভ ষ্টুডিঅ‘,নেভা সেৱা কেন্দ্ৰ আৰু বিধান সভাৰ মূল সভাকক্ষ ৷

বিশেষ আন্ত:গাঁথনিমূলক সুবিধাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, আজি মুকলি কৰা এই ব্যৱস্থাসমূহে অনাগত সময়ত ৰাজ্যৰ এক নতুন প্ৰতিচ্ছবি প্ৰতিবিম্বিত কৰিব ৷

অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী,উপাধ্যক্ষ ডা:নোমল মমিন,বিৰোধী দলপতি দেবব্ৰত শইকীয়া সহ শাসক- বিৰোধীৰ সকলো বিধায়ক উপস্থিত থাকে ৷

Exit mobile version